...

সাহিত্যাচাৰ্য, শিক্ষাবিদ ড॰ ভীমকান্ত বৰুৱাক নিজা গৃহত সম্বৰ্ধনা

Spread the love

 

 

সাহিত্যাচাৰ্য, শিক্ষাবিদ ড॰ ভীমকান্ত বৰুৱাক নিজা গৃহত সম্বৰ্ধনা

ড॰ অদিতি বৰুৱাৰ গ্ৰন্থ উন্মোচন

 

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় মহানগৰৰ অন্যতম উচ্ছ শিক্ষাৰ অনুষ্ঠান ডিব্ৰু কলেজৰ সংস্কৃত আৰু অসমীয়া বিভাগৰ শিক্ষকবৃন্দই আজি এক ব্যতিক্ৰমীভাৱে শিক্ষক দিৱসৰ কাৰ্যসূচী পালন কৰে৷ এই অনুসৰি পুৱাৰ ভাগতেই দুয়োটা বিভাগৰ অধ্যাপক সকলে বিশিষ্ট শিক্ষাবিদ, ভাষাতত্ত্ববিদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক আৰু প্ৰফেচৰ এমেৰিটাছ ড॰ ভীমকান্ত বৰুৱাক একোখনকৈ ফুলাম গামোচাৰে সেৱা জনোৱাৰ লগতে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখিকা ড॰ অদিতি বৰুৱাই ড॰ ভীমকান্ত বৰুৱাৰ নামত উচৰ্গা কৰা এখনি গ্ৰন্থও তেওঁৰ দ্বাৰা উন্মোচন কৰা হয়৷ ‘সংস্কৃত সাহিত্য তৰংগ আৰু প্ৰাপ্তি’ শীৰ্ষক গ্ৰন্থখনি তেওঁৰ নামত উচৰ্গা কৰাৰ উপৰিও উন্মোচনৰ সুবিধা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি এনেদৰে গুৰুসেৱা প্ৰদানৰ বাবে পুলকিত হৈ কলেজখনৰ দুয়োটা বিভাগৰ শিক্ষকবৃন্দক আশীৰ্বাদ প্ৰদান কৰে৷ গ্ৰন্থখনিৰ উন্মোচনী ভাষণ প্ৰসংগত ড॰ বৰুৱাই সংস্কৃত ভাষাৰ শিকাৰ প্ৰয়োজনৰ ভিন্ন দিশৰ কথা উল্লেখ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া-সংস্কৃত ভাষাৰ ব্যাকৰণ হাতেলিখা পৰ্যায়ত থকা বুলি মন্তব্য কৰে৷ এনেধৰণৰ গ্ৰন্থ প্ৰকাশৰ বাবে আজিপৰ্যন্ত এজনো অসমীয়া মানুহ নোলাল বুলি আক্ষেপ প্ৰকাশ কৰি উন্মোচিত গ্ৰন্থখনিৰ লেখিকাৰ শলাগ লয়৷ অনুষ্ঠানৰ আৰম্ভণিতে গ্ৰন্থখনিৰ সম্পৰ্কত কিছু কথা উল্লেখ কৰে লেখিকা ড॰ অদিতি বৰুৱাই৷ কলেজখনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড॰ মৌচুমী দত্তই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অধ্যাপক ড॰ মনোজ শৰ্মা, ড॰ স্মৃতিৰেখা চেতিয়া সন্দিকৈ, ড॰ বিজু মৰান, ড॰ হিমাদ্ৰী শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ড॰ ডলী চুতীয়া, বাবুল দাস আৰু কলেজখনৰ উদ্ভিদবিদ্যা বিভাগৰ অধ্যাপক প্ৰণৱ পালৰ লগতে ড॰ ভীমকান্ত বৰুৱাৰ সহধৰ্মিনী তথা লেখিকা নীলিমা বৰুৱাও উপস্থিত থাকে৷ উল্লেখ্য আজি উন্মোচিত গ্ৰন্থখনি হৈছে ড॰ অদিতি বৰুৱাৰ সপ্তমখনি গ্ৰন্থ৷ আনসমূহ গ্ৰন্থ হৈছে প্ৰাচীন অৰ্বাচীন [২০০৭], নিবন্ধ মালিকা [২০১৬], নীতিশতকম [২০১৭], চাণক্য নীতি [২০১৯], মোৰ ছাঁ [২০২১] আৰু ফিল’চফি অৱ ডিভ’চন ইন দি ভক্তিৰত্নাকৰ [২০২১]৷

Leave a Reply

Your email address will not be published. Required fields are marked *