Skip to content নগাঁৱত “কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ-২০২৫” সমাৰোহৰ প্ৰস্তুতি সভা
নগাঁও:- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ চিন্তা-দৰ্শন আৰু অসম তথা অসমীয়াৰ জাতীয় জীৱনৰ স্বকীয় বৈশিষ্ট্যপূৰ্ণ অনন্য সমল সমূহ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰা সংকল্পৰে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানত “কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ-২০২৫” শীৰ্ষক ৰাষ্ট্ৰীয় শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলন আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানৰ অহা ৫, ৬ আৰু ৭ ছেপ্তেম্বৰত আয়োজন কৰা হৈছে । কুটুম্ব সুৰক্ষা পৰিষদৰ উদ্যোগত দেশৰ ৩০ খন বিশ্ববিদ্যালয়ৰ অংশ গ্ৰহণেৰে শতাধিক অধ্যাপক- অধ্যাপিকা,গৱেষক,ছাত্ৰ-ছাত্ৰীৰ লগতে শিল্পী আৰু সাধু-সন্ত-মহন্তৰ সমাবেশত অনুষ্ঠিত হʼব । এই সমাৰোহৰ প্ৰস্তুতি সন্দৰ্ভত আজি নগাঁও জিলা আয়ুক্তৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়। ʼসূত্ৰধাৰ-২০২৫ʼ উদযাপনৰ বিভিন্ন দিশ সাঙুৰি অনুষ্ঠিত বৈঠকখনিত অতিৰিক্ত জিলা আয়ুক্ত দেবাহুতি বৰা,সুদীপ নাথ,ধিং পৌৰ সমিতিৰ কাৰ্যবাহী বিষয়া সুচিত্ৰা লাংঠাছা, কুটুম্ব সুৰক্ষা পৰিষদৰ সূত্ৰধাৰ-২০২৫ অভ্যৰ্থনা সমিতিৰ সভাপতি সত্যৰঞ্জন বৰা,সম্পাদক জগন্নাথ জ্যোতি বৰা,গিৰিশ বৰুৱা,গিৰিশ বৰা, ৰাজেন শইকীয়া,দিব্যজ্যোতি বৰুৱা, শেৱালি বৰঠাকুৰকে আদি কৰি কৰ্মকৰ্তাসকলৰ লগতে বটদ্ৰৱা থানৰ অন্তৱৰ্তীকালীন কমিটীৰ হৈ ইন্দ্ৰমোহন বৰুৱা,ভাস্কৰজ্যোতি বৰা,গুণমনি কলিতা উপস্থিত আছিল । সভাত গড়কাপ্তানি বিভাগ,জনস্বাস্থ্য কাৰিকৰী বিভাগ,খাগৰিজান উন্নয়ন খণ্ড, বটদ্ৰৱা উন্নয়ন খণ্ড,জিলা যুটীয়া স্বাস্থ্য বিভাগ আদি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলেও অংশগ্ৰহণ কৰে । ইফালে শৃংখলিতভাৱে অনুষ্ঠান সমূহ পৰিচালনাৰ বাবে কেইবাখনো খন উপ-সমিতি গঠন কৰি যুদ্ধকালীন তৎপৰতাৰে কাৰ্য্য পৰিচালনা কৰাৰ কথা ব্যক্ত কৰিছে অভ্যৰ্থনা সমিতিয়ে আৰু লগতে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে সমূহ ৰাইজৰ সহায়- সহযোগিতা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে ।
নগাঁও