ধুবুৰীৰ হালাকুৰাত ১ লাখ ৭৫,৪০০হাজাৰ টকাৰ জাল নোট উদ্ধাৰ
ধৃত এজন ব্যক্তি
আগমনি:
ধুবুৰী জিলাৰ গোলকগঞ্জৰ হালাকুৰা বজাৰত বৃহত পৰিমাণৰ নকল নোট উদ্ধাৰ কৰে গোলকগঞ্জ আৰক্ষীয়ে ।
গোলকগঞ্জ আৰক্ষীযে অভিযানত জব্দ ২০০ আৰু ৫০০ টকীয়াৰ মুঠ ১,৭৫,৪০৯ টকা নকল নোট উদ্ধাৰ কৰে।
আনহাতেদি জব্দ কৃত
নকল নোটৰ ব্যৱসায়ৰ লগত জড়িত আবু তাহেৰ আলীক আটক কৰে আৰক্ষীয়ে।
গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে হালাকুৰা আসাম গ্ৰামীণ বিকাশ বেংকৰ সন্মুখত এখন ই ৰিক্সাত অভিযান চলায়। অভিযানত ই-ৰিক্সাত থকা গেলামাল সামগ্ৰীৰ ভিতৰত কৌশলৰে ৰখা নকল নোটসমূহ উদ্ধাৰ কৰে।
২০০ আৰু ৫০০ টকীয়া মুঠ ১ লাখ ৭৫ হাজাৰ ৪০০ টকাৰ নকল নোট জব্দ।
ধৃত আবু তাহেৰ আলী ঘৰ উত্তৰ মৰাগদাধৰত। তেওঁ জনোৱা মতে, ধুবুৰীৰ মছিউৰ আলী নামৰ এগৰাকী ব্যক্তিয়ে তেওঁক দিয়া বুলি জনায়।
ইয়াৰ পূৰ্বেও মছিউৰ আলীয়ে দিয়া ১ লাখ টকাৰ নকল নোট আবু তাহেৰ আলীয়ে সৰবৰাহ কৰিছিল বুলি আবু তাহেৰে জানিবলৈ দিয়ে।ধৃত নকল নোট সৰবৰাহকাৰীক গোলকগঞ্জ আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে।