...

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিচাৰণ

Spread the love

 

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্মৃতিচাৰণ

 

গগৈ আছিল বিকাশৰ প্ৰহৰী আৰু স্বচ্চতাৰ প্ৰতীকঃ দেৱব্ৰত শইকীয়া

 

গুৱাহাটী:

অসমৰ ইতিহাসৰ অন্যতম সফল মুখ্যমন্ত্ৰী পদ্মবিভূষণ তৰুণ গগৈৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। ৰাজ্যখনৰ ৩৫খন জিলা সদৰত আজি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে কংগ্ৰেছ কৰ্মীসকলে অসমৰ অৰ্থনৈতিক বুনিয়াদ সলনি কৰি দিয়া প্ৰয়াত মুখ্যমন্ত্ৰীজনৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি আৰু স্মৃতিচাৰণেৰে তৰুণ গগৈৰ পঞ্চম মৃত্যুবাৰ্ষিকী পালন কৰা হয়। বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই ৰাজীৱ ভৱনত আজি এগচি বন্তি প্ৰজ্বলনৰে মহান নেতাজনৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে অসমৰ ভাগি পৰা আইন-শৃংখলাজনিত পৰিস্থিতি আৰু চৌদিশে অন্ধকাৰময় হৈ পৰা এক অৰাজক অৱস্থাৰ পৰা অসমক এক সুস্থিৰ আৰু বিকাশমুখী অৰ্থনীতিৰ ৰাজ্য হিচাপে গঢ় দিয়াত তৰুণ গগৈৰ অৱদান আছিল অমূল্য। গুপ্তহত্যাৰ দৰে বিভীষিকাময় পৰিস্থিতিৰ লগতে নিবনুৱা সমস্যা আৰু ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা দিব নোৱৰা পৰিস্থিতিৰ পৰা অসমক উদ্ধাৰ কৰিছিল তৰুণ গগৈয়ে। তৰুণ গগৈক বিকাশৰ প্ৰহৰী আৰু স্বচ্ছতাৰ প্ৰতীক আখ্যা দি শইকীয়াই লগতে কয় যে প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ দেশপ্ৰেম আছিল নিঁভাজ আৰু স্বাৰ্থহীন। একালৰ সতীৰ্থ প্ৰণয় ৰাভাই মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈক এজন দুৰ্নীতিমুক্ত, নিকা ভাৱমূৰ্তিৰ নেতা আছিল বুলি উল্লেখ কৰি কয় যে গগৈয়ে সময়ে সময়ে তেওঁৰ সতীৰ্থ মন্ত্ৰীসকলৰ বিভাগ পৰ্যালোচনা কৰি অনিয়ম নকৰিবলৈ সকীয়াই দিয়াৰ লগতে কোনোধৰণৰ নীতিবৰ্হিভূত কাম কৰিবলৈ নিদিছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী বালিকা লাহন পেগুৱেও প্ৰয়াত নেতাজনৰ স্মৃতিচাৰণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে অনুষ্ঠানটোৰ আঁত ধৰি মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈয়ে বিগত ১৫ বছৰত অসমৰ উন্নয়নৰ বাবে কৰা সফলতাৰ এক খতিয়ান দাঙি ধৰে। তৰুণ গগৈৰ প্ৰচেষ্টাতে অসমৰ জিডিপিৰ হাৰ বৃদ্ধি পোৱাৰ লগতে ৰাজ্যিক কৰ্মচাৰীৰ খালী থকা ৯০ হাজাৰতকৈয়ো অধিক পদ পূৰণ কৰি প্ৰায় ১ লাখ ২০ হাজাৰ নতুন পদ সৃষ্টি কৰা বুলি উল্লেখ কৰে। অসমৰ ৰাস্তা-ঘাট বিশেষকৈ যোগাযোগৰ ক্ষেত্ৰত আহুকাল হৈ পৰা কাঠৰ দলংসমূহ সলনি কৰি কেবাহাজাৰো কংক্ৰীটৰ দলং নিৰ্মাণ কৰাতো আছিল মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালৰ অন্যতম সফলতা। দেশৰ বিত্তীয় ব্যৱস্থাপনা সঠিক আৰু সুস্থিৰ কৰাৰ বাবে আইন প্ৰস্তুত কৰি বাজেটত নিৰ্ধাৰিত ধন সময়মতে ব্যৱহাৰৰ বাবে তৰুণ গগৈ ডাঙৰীয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত অসমৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন সম্ভৱ হৈছিল। গগৈয়ে লগতে কয়, কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা শিতানৰ পদসমূহ পৰিকল্পনা বৰ্হিভূত শিতানলৈ পৰিৱৰ্তন কৰি ৰাজ্যৰ ৰাজহৰে ৰাজ্যিক কৰ্মচাৰীসকলক দৰমহা দিয়াৰ ব্যৱস্থা কৰিছিল। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিধায়ক খলিল উদ্দিন মজুমদাৰ, শিৱামণি বৰা, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, উদিত ভানু দাস, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, সামাজিক মাধ্যম বিভাগৰ অধ্যক্ষ প্ৰফুল্ল কুমাৰ দাস, মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি স্বপন দাস, জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰা, গোপাল শৰ্মা, ৰূপক দাস, ৰূপা দেউৰী, ময়ূৰী দত্তকে ধৰি শতাধিক নেতা-কৰ্মী উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *