ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) আৰু ভিভিপিএটিৰ কাৰ্যপ্ৰণালীক লৈ ভোটাৰসকলৰ মনত থকা সকলো কৌতুহল তথা সন্দেহ দূৰ কৰি নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি জনসাধাৰণৰ বিশ্বাসযোগ্যতা অধিক সুদৃঢ় কৰাৰ এক মহৎ লক্ষ্যৰে সোমবাৰে নগাঁও জিলাত এক বিশেষ সজাগতা অভিযানৰ আৰম্ভণি কৰা হয়। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া দেৱাশীষ শৰ্মাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে এটি ইভিএম প্ৰদৰ্শনী কেন্দ্ৰৰ লগতে এখন ইভিএম ভ্ৰাম্যমাণ প্ৰদৰ্শনী বাহনৰ শুভ উদ্বোধন কৰে। এই বিশেষ উদ্যোগৰ জৰিয়তে আগন্তুক নিৰ্বাচনী প্ৰক্ৰিয়াটোত জনসাধাৰণৰ অংশগ্ৰহণ অধিক সক্ৰিয় আৰু তথ্যভিত্তিক কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। জিলা নিৰ্বাচনী কাৰ্যালয়ৰ চৌহদত স্থায়ীভাৱে স্থাপন কৰা এই প্ৰদৰ্শনী কেন্দ্ৰটোৱে ভোটাৰসকলক মেচিনসমূহৰ সৈতে পোনপটীয়াভাৱে পৰিচিত হোৱাৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। ইয়াত উপস্থিত হৈ এজন ভোটাৰে ভোটদানৰ সমগ্ৰ প্ৰক্ৰিয়াটো হাতে-কামে কৰি চাব পাৰিব আৰু ভিভিপাটৰ জৰিয়তে নিজৰ ভোটটো সঠিকভাৱে সাব্যস্ত হৈছে নে নাই সেই বিষয়েও নিশ্চিত হ’ব পাৰিব। প্ৰশাসনৰ এই পদক্ষেপে বিশেষকৈ নতুন ভোটাৰসকলক উৎসাহিত কৰাৰ লগতে নিৰ্বাচনী স্বচ্ছতাৰ দিশটো অধিক স্পষ্ট কৰি তুলিব।আনহাতে,ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰতিটো প্ৰান্তৰ ৰাইজক সামৰি ল’ব পৰাকৈ ভ্ৰাম্যমাণ প্ৰদৰ্শনী বাহনখন সাজু কৰি তোলা হৈছে। এই বাহনখনে জিলাখনৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়,দূৰ-দূৰণিৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু জনবহুল ৰাজহুৱা স্থানসমূহলৈ গৈ প্ৰতিজন নাগৰিকৰ দুৱাৰমুখতে নিৰ্বাচনী শিক্ষা প্ৰদান কৰিব। ইয়াৰ ফলত যিসকল লোকে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ আহি অভিজ্ঞতা লাভ কৰিব নোৱাৰে, তেওঁলোকেও নিজৰ বাসস্থানৰ ওচৰতে ইভিএমৰ কাৰ্যপ্ৰণালী সম্পৰ্কে সঠিক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব। এই কাৰ্যসূচীত সহকাৰী জিলা নিৰ্বাচনী বিষয়া শেখৰণ ফুকন, সহকাৰী আয়ুক্ত তেজস অগ্নিহোত্ৰী প্ৰমুখ্যে জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মীসকলৰ উপস্থিত থাকে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.