...

মাইজানত ব্ৰহ্মপুত্ৰৰ নদীৰ ভয়াবহ গৰাখহনীয়া

Spread the love

 

 

মাইজানত ব্ৰহ্মপুত্ৰৰ নদীৰ ভয়াবহ গৰাখহনীয়া

 

মাত্ৰ তিনি মিটাৰ ! আৰু তিনি মিটাৰ খহালেই ডিব্ৰুগড়ৰ সুৰক্ষা মথাউৰিত খুন্দা
ভাবুকি! ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়,মহানগৰ

 

 

চাইন অন ডেস্ক:

মাত্ৰ তিনি মিটাৰ ! আৰু তিনি মিটাৰ খহালেই ডিব্ৰুগড়ৰ সুৰক্ষা মথাউৰিৰ কাষ পাবহি ফেনে-ফোটোকাৰে উফন্দি উঠা বৰ লুইত।আজিৰ তাৰিখত এয়াই সামগ্ৰিক পৰিৱেশ ডিব্ৰুগড়ৰ।চপৰা চপৰাকৈ খহিবলৈ আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ মথাউৰিৰ পাৰ।আতংকিত ৰাইজ,আতংকিত ডিব্ৰুগড় মহানগৰবাসী।
ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে মহানগৰবাসীৰ।যোৱা কেইবাদিন ধৰি ডিব্ৰুগড়ৰ লগতে চুবুৰীৰ ৰাজ্য অৰুণাচলৰত নেৰানেপেৰাকৈ ভীষণ বৰষুণ হোৱাৰ বাবেই উফন্দি উঠিছে মহাবাহু ব্ৰহ্মাপুত্ৰ।যাৰ ফলত মহানগৰৰ মাইজান ঠাকুৰবাৰী বৰশইকীয়াৰ গাঁৱত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ নদীৰ ভয়াবহ গৰাখহনীয়া।যোৱা নিশাৰে পৰা হোৱা প্ৰবল গৰাখহনীয়াৰ ফলত অঞ্চলটোৰ ৰাইজে এক আতংকময় পৰিৱেশৰ মাজত থাকিব লগীয়াত পৰিছে।তাতোকৈয়ো ভয়ংকৰ ঘটনা হৈছে যে মহানগৰৰ একমাত্ৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে অব্যাহত আছে এই ভয়ংকৰ নদীৰ গৰাখহনীয়া।আনহাতেদি কিছু নিলগতে আছে

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়।যাৰ বাবে এই খহনীয়া অতি বিপদজনক হৈ পৰিছে।ইমানৰ পিছতো এই মূহুৰ্তলৈকে ডিব্ৰুগড়ৰ জলসম্পদ বিভাগে কোনোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ কৰিছে স্থানীয় ৰাইজে।ৰাইজে অভিযোগ কৰা অনুসৰি জলসম্পদ বিভাগক খবৰ দিয়াৰ পিছত তেওঁলোকৰ মানুহ আহি এদাল বাঁহৰে পানী জুখি আঁতৰি যায়।একো বিহিত ব্যৱস্থা গ্ৰহন নকৰাত স্থানীয় ৰাইজে বিনিদ্ৰ ৰজনী কটাব লগীয়া পৰিস্থিতি হৈছে।এতিয়ালৈকে প্ৰায় দুই- তিনিমিটাৰ খহনীয়াৰ কবলত পৰিছে যদিও সংশ্লিষ্ট পক্ষই,চকু মুদা কুলিৰ দৰে বহি থকাত সকলোৱে একপ্ৰকাৰ গৰিহণা দিছে বিভাগীয় কতৃপক্ষক।

Leave a Reply

Your email address will not be published. Required fields are marked *