...

সফল নহ’ল ইছৰোৰ EOS-09 অভিযান

Spread the love

 

সফল নহ’ল ইছৰোৰ EOS-09 অভিযান

১০১ সংখ্যক উৎক্ষেপণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল ৷ প্ৰথম দুটা পৰ্যায়ে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিছিল যদিও তৃতীয় পৰ্যায়ত কিছু বিপৰ্যয় হোৱা বাবে এই অভিযান সম্পূৰ্ণ কৰিব পৰা নগ’ল- ইছৰো

 

চাইন অন ডেক্সঃ

দেশৰ স্থল পৰ্যবেক্ষণ ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ১০১ সংখ্যক অভিযান, তৃতীয় পৰ্যায়ত হোৱা এক বিজুতিৰ বাবে দেওবাৰে পুৱা সম্পন্ন নহ’ল। আজি পুৱাই অন্ধ্ৰ প্ৰদেশৰ অন্তৰ্গত শ্ৰীহৰিকোটাৰ মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C61 ব্যৱহাৰ কৰি সীমান্ত অঞ্চলত চোকা নজৰ প্ৰদানৰ উদ্দেশ্যে উপগ্ৰহ উৎক্ষেপণ কৰাৰ বাবে ইছৰোৱে প্ৰস্তুতি চলাইছিল ।

শেহতীয়াকৈ সংস্থাটোৱে প্ৰকাস কৰা অনুসৰি EOS-09 অভিযানে তৃতীয় পৰ্যায়ত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হোৱাত অভিযান সম্পূৰ্ণ নহ’ল। এই সন্দৰ্ভত ইছৰোৱে কয় যে, ১০১ সংখ্যক উৎক্ষেপণৰ বাবে প্ৰচেষ্টা চলোৱা হৈছিল ৷ প্ৰথম দুটা পৰ্যায়ে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিছিল যদিও তৃতীয় পৰ্যায়ত কিছু বিপৰ্যয় হোৱা বাবে এই অভিযান সম্পূৰ্ণ কৰিব পৰা নগ’ল৷ আমি সমগ্ৰ প্ৰদৰ্শন অধ্যয়ন কৰি আছো।”

উল্লেখ্য যে, ২১টা সফল উৎক্ষেপণৰ পিছত এইটোৱেই হৈছে পিএছএলভি ৰকেটৰ তৃতীয়টো বিফলতা। এই এপটোৱে সীমান্তত শত্ৰুৰ ওপৰত চকু ৰখাই নহয়, আন আন ক্ষেত্ৰতো সহায়ক হ’ব বুল ইছৰোৱে জনাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *