অতিকৈ সুখবৰ! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলিভেটেড ক’ৰিডৰ
নিৰ্মানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ১৮ গৰাকী নিবিদাকাৰীয়ে
৩৪.৫ কিলোমিটাৰ এলিভেটেড বন্যপ্ৰাণী কৰিডৰ ৬,৯৫৬ কোটি টকাৰ কাজিৰঙা ঘাইপথ প্ৰকল্প
গুৱাহাটী:

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫ ৰ কলিয়াবৰ–নুমলীগড় পথচোৱা নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তু:ৰাষ্ট্ৰীয় নিবিদাকাৰীৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই।
বিষয়াসকলে জানিবলৈ দিয়া মতে, ঘাইপথটোৰ ৮৫.৬ কিলোমিটাৰ অংশ উন্নীতকৰণৰ সৈতে জড়িত এই প্ৰকল্পৰ বাবে ১৮টা নিবিদা লাভ কৰা হৈছে। মুঠ ৬,৯৫৬ কোটি টকা ব্যয় হ’ব বুলি অনুমান কৰা এই প্ৰকল্পটো চলিত বিত্তীয় বৰ্ষৰ ভিতৰত আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

প্ৰকল্পটোৰ অন্যতম মূল আকৰ্ষণ হ’ল যে প্ৰস্তাৱিত ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক এলিভেটেড কৰিড’ৰ নিৰ্মান কৰা হব, যিটোৰাষ্ট্ৰীয় উদ্যানৰ
বন্যপ্ৰাণী সমূহ মুক্ত আৰু নিৰৱচ্ছিন্নভাৱে চলাচল কৰিব পৰাকৈ ডিজাইন কৰা হৈছে।এই কৰিডৰটো ক্ৰমে ১৮.৩ কিলোমিটাৰ, ১১.২ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ জোখৰ তিনিটা খণ্ডত নিৰ্মাণ কৰা হ’ব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল আৰু চুবুৰীয়া কাৰ্বি আংলং পাহাৰৰ মাজত যাত্ৰা কৰা জীৱ-জন্তুৰ গতিপথ সামৰি লোৱাৰ বাবে এই উচ্চ ঘাইপথটো 
নগাঁও জিলাৰ জাখলাবন্ধা আৰু গোলাঘাট জিলাৰ বোকাখাতত সংযুক্ত ২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰি নগৰ অঞ্চলত যানজঁট হ্ৰাস কৰাৰো ব্যৱস্থা থাকিব।
বাইপাছৰ উপৰিও এই ঘাইপথ প্ৰকল্পত এখন ডাঙৰ দলং, ২০খন সৰু দলং, ৭খন উৰণীয়া সেতু, ৮৪খন কালভাৰ্ট, এখন ৰে’লৱে অভাৰব্ৰিজ, ৫টা যানবাহন আণ্ডাৰপাছ, ১২টা লঘু যানবাহনৰ আণ্ডাৰপাছ আৰু প্ৰায় ১৬ কিলোমিটাৰ সেৱা পথৰ ব্যৱস্থা কৰা হ’ব।
অঞ্চলটোৰ পৰিৱেশ সংবেদনশীলতাক লক্ষ্য কৰি এনএইচএআইয়ে প্ৰকল্পটোৰ পৰিকল্পনা কৰাৰ সময়ত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকৰণ আৰু অসম বন বিভাগকে ধৰি কেইবাটাও বিশেষজ্ঞ প্ৰতিষ্ঠানৰ পৰামৰ্শ লয়।এই 
বিষয়াসকলে বিশ্বাস কৰে যে এবাৰ সম্পূৰ্ণ হ’লে ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ–নুমলীগড় অংশই অঞ্চলটোৰ সংযোগ যথেষ্ট শক্তিশালী কৰিব। যাতায়ত সুচল কৰাৰ উপৰিও উন্নত ঘাইপথটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰ্যটন বৃদ্ধি কৰাৰ লগতে সমগ্ৰ অসমতে বাণিজ্য, লজিষ্টিক আৰু উদ্যোগিক বিকাশৰ বাবে নতুন সুযোগ মুকলি কৰিব বুলি আশা কৰা হৈছে।