মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে কামপুৰত ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাতী পোৱালিটোৱে৷ কাজিৰঙাত চিকিৎসাধীন অৱস্থাতে ৰবিবাৰে পুৱা হাতী পোৱালিটোৱে শেষ নিশ্বাস ত্যাগ কৰে৷ শনিবাৰে পুৱঁতি নিশা কামপুৰত ৰে’লৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছিল হাতী পোৱালিটো। ঘনকুঁৱলীৰ মাজতে মিজোৰামৰ পৰা দিল্লী অভিমুখী ৰাজধানী এক্সপ্ৰেছৰ খুন্দিয়াই নিমিষতে তচনচ কৰি পেলাইছিল এটা হাতীৰ জাকক ৷ ৰে’লৰ খুন্দাত ৭ টাকৈ হাতীয়ে ঘটনাস্থলীতে প্ৰাণ হেৰুৱাৰ বিপৰীতে কোনোমতে উশাহ-নিশাহ লৈ বাচি আছিল এটা কণমানি হাতী পোৱালিটো ৷ পাছত হাতী পোৱালিটোক চিকিৎসাৰ বাবে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ লৈ অনা হয় ৷ অৱশেষত ৰবিবাৰে বিশেষ নিশ্বাস ত্যাগ কৰিলে কামপুৰৰ ৰে’ল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হাতী পোৱালিটিয়ে ।
বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে কয় যে কালি ৯:৩০ মান বজাৰ পৰা এতিয়ালৈকে যথেষ্ট কষ্ট কৰা স্বত্বেও তাক বচাব পৰা নগ’ল ৷ এইমাত্ৰ হাতী পোৱালিটোৰ মৃত্যু হৈছে ৷ ৰবিবাৰে দিনৰ ১০:৫০ মান বজাত হাতী পোৱালিটোৱে শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিবলৈ দি ডাঃ চৌধুৰীয়ে কয় যে পোৱালিটোৰ এখন ভৰিত এডাল হাড় ভাঙি গৈছিল আৰু মূলতঃ দেহত আভ্যন্তৰীণ আঘাত আছিল৷ দেহৰ ভিতৰত ৰক্তক্ষৰণ হৈ থকাৰ লগতে মুখেৰে একেৰাহে তেজ ওলাই আছিল৷ খুব সম্ভৱ ‘ৰেচপিৰেটৰী’ ফেইলৰ’ৰ কাৰণে হাতী পোৱালিটো ঢুকাল ৷ উল্লেখ্য যে,ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কামপুৰৰ চাংজুৰাইত নিহত হৈছিল ৭ টাকৈ হাতী । আঘাতপ্ৰাপ্ত হৈছিল হাতী পোৱালিটো। ৰে’লৰ খুন্দাত নিহত হোৱা ৭ টা হাতীৰ ভিতৰত এজনী গাভিনীও আছিল বুলিও পশু চিকিৎসকে জানিবলৈ দিয়ে । এই ঘটনাই সৰ্বত্ৰে শোকৰ ছাঁ পেলাইছে ।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.