ভেৰগাঁও পৰিষদীয় সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা
মুখ্যমন্ত্ৰী ভেৰগাঁৱৰ ডিমাকুছিলৈ অহাৰ এটা দিন পূৰ্বে এই হিংসা
তীব্ৰ উত্তেজনা
BTR প্ৰধান প্ৰমোদ বড়োই BTRত শান্তি আহিছে বুলি ফিতাহি মৰা, প্ৰমোদ বড়োৰ UPPL দলৰেই একাংশ লোকে কৰিছে অপ্ৰীতিকৰ ঘটনা।বিটিচি নিৰ্বাচনলৈ মাত্ৰ ১১ দিন বাকী,বিটিচি নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত ভেৰগাঁৱত নিৰ্বাচনী হিংসা।কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভেৰগাঁৱৰ ডিমাকুছিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব , মুখ্যমন্ত্ৰী অহাৰ পূৰ্বেই ভেৰগাঁৱত অপ্ৰিতীকৰ হিংসাত্মক ঘটনা।ইউপিপিএল কৰ্মীৰ কেইগৰাকীমান যুৱকে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰি আহত কৰাৰ উপৰিও দুখনকৈ গাড়ী ভাঙি পেলোৱাৰ লগতে গাড়ী চালকৰ মোবাইল কঢ়ি নিয়াৰ অভিযোগ।
