সামৰণি পৰিল নিৰ্বাচনৰ প্ৰচাৰ
ডিব্ৰুগড় জিলাৰ ৬ টা বিধান সভা সমষ্টিৰ মুঠ ২৪ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা
২০/৩০হাজাৰ ভোটৰ ব্যৱধানত জয়লাভৰ আশা অজাপৰ মৈনাক পাত্ৰ
ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ বাট প্ৰশস্ত হব নে ?
চাইন অন ডেস্ক:
কাৰ্যত: প্ৰায় ১০ দিনীয়া বিধান সভাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ আজি অন্ত পৰিল। ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিৰ লগতেই ডিব্ৰুগড়ৰ ৬ টা সমষ্টিৰ বাবেও ৰাজহুৱা নিৰ্বাচনী প্ৰচাৰৰ বিশেষ আইন শৃংখলাৰ অৱনতি নোহোৱাকৈ অন্ত পৰিল।ডিব্ৰুগড় জিলাৰ ৬ টা বিধান সভা সমষ্টিৰ বাবে মুঠ ২৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে।প্ৰাৰ্থী সকলৰ ভিতৰত শাসক-বিৰোধীৰ লগতেই নিৰ্দলীয় আৰু জেএমএম-ৰো প্ৰাৰ্থী আছে।মুঠৰ ওপৰত এইবাৰ ডিব্ৰুগড় জিলাৰ বিশেষকৈ খোৱাং আৰু দুলীয়াজান সমষ্টিত নিৰ্বাচনী যুঁজ এখন হোৱা পৰিলক্ষিত হৈছে।আনহাতে
ডিব্ৰুগড় বিধানসভা সমষ্টিত এইবাৰ নিৰ্বাচনত এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ পৰিৱেশ সৃষ্টি হৈছে। এই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী তথা শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ৰাজনীতিৰ দুই নৱাগত— অসম জাতীয় পৰিষদ (অজাপ)-ৰ মৈনাক পাত্ৰ আৰু বিকাশ ইণ্ডিয়া পাৰ্টিৰ প্ৰাৰ্থী কমল হাজৰিকা। এই মৰ্যাদাপূৰ্ণ আসনখনৰ বাবে মাত্ৰ তিনিখন মনোনয়ন পত্ৰ দাখিল হোৱাৰ পৰিপ্ৰেক্ষিতত মূল যুঁজখন বিজেপি আৰু অজাপৰ মাজত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে, এসময়ত কংগ্ৰেছৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিটোত শাসকীয় দলৰ প্ৰশান্ত ফুকনে একেৰাহে পঞ্চমটো বিজয়ৰ বাবেই লক্ষ্য নিৰ্ধাৰণ কৰিছে।কিয়নো বিগত সময়চোৱাত সমষ্টিটোত যথেষ্ট সমস্যা আছিল যদিও বিৰোধীৰ কোনো এক পক্ষই ইয়াক সৱল ৰূপত উপস্থাপন কৰি এক ঢৌৰ
স্বৃষ্টিৰে ধাৰাবাহিকতা বজাই ৰাখিবলৈও সক্ষম নহল।যিটো নেকি শাসকীয় দল বাবে যথেষ্ট লাভাৱান্বিত হোৱা দেখা গৈছে।আনহাতে বিৰোধীৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী হিচাপেও যিগৰাকী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে,সেই গৰাকী সমষ্টিবাসীৰ বিশেষ পৰিচিত নহয় বুলিও সৰব চৰ্চা চলিছে।আনহাতে প্ৰচাৰৰ ক্ষেত্ৰত তেনেই চালুকীয়া অৱস্থাতে থাকিল।মিত্ৰ জোঁটৰ কংগ্ৰেছৰ অধিকাংশই প্ৰকাৰন্তে এক নিৰাপদ দূৰত্বত অৱস্থান কৰা পৰিলক্ষিত হৈছে।এনে পৰিস্থিতিত অজাপৰ মৈনাক পাত্ৰই কিদৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব সেয়াও অহা ৪ মে’লৈ অপেক্ষা কৰিব লাগিব। আনহাতেদি ডিব্ৰুগড়ত মিত্ৰ জোঁটৰ পাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বিশেষ বুজাবুজি হোৱা বুলিও একাংশই দাবী কৰিব খোজে।চাৰিবাৰৰ বিধায়ক প্ৰশান্ত ফুকনক প্ৰতিহত কৰিব পৰাকৈ মৈনাক পাত্ৰৰ এনে কি আল্লাউদ্দিনৰ চাকি আছে, সেয়া কিন্তু এতিয়াও ভোটাৰৰ মাজত পৰিস্ফুট হোৱা নাই।অবশ্যেই বিৰোধী মিত্ৰ জোঁটৰ প্ৰাৰ্থী মৈনাক পাত্ৰই (অজাপ)২০/৩০হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলিও আশাবাদী।ইফালে ডিব্ৰুগড়ত বিজেপিৰ উত্থানৰ কাহিনী অসমৰ নিৰ্বাচনী ইতিহাসৰ এক অন্যতম উল্লেখনীয় যাত্ৰা। ১৯৮৫ চনত যেতিয়া দলটোৱে প্ৰথমবাৰৰ বাবে এই আসনখনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস কৰিছিল, তেতিয়া তেওঁলোকৰ প্ৰাৰ্থী ললিত চন্দ্ৰ বৰদলৈয়ে মাত্ৰ ২৬০ টা ভোট লাভ কৰিছিল। এনে এক ক্ষুদ্ৰ আৰম্ভণিৰ পিছত হয়তো খুব কম সংখ্যক মানুহে কল্পনা কৰিছিল যে একেটা দলেই এদিন ডিব্ৰুগড়ক ৰাজ্যৰ ভিতৰতে অন্যতম শক্তিশালী দুৰ্গলৈ ৰূপান্তৰিত কৰিব।যিটো কাৰ্যত পৰিলক্ষিত হৈছে।
উল্লেখ্য যে ১৯৭২ চনৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১১ খন নিৰ্বাচনৰ ভিতৰত কংগ্ৰেছে ছয়বাৰ, বিজেপিয়ে চাৰিবাৰ আৰু জনতা পাৰ্টিয়ে এবাৰ জয়লাভ কৰিছে। এই আসনখনৰ ইতিহাস, অসমৰ অন্যতম বিশিষ্ট ৰাজনৈতিক পৰিয়ালৰ সৈতেও জড়িত। ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ পিতৃ কেশৱ চন্দ্ৰ গগৈয়ে ইয়াৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে তিনিবাৰ আৰু জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে এবাৰ জয়ী হৈছিল। অৰ্থাৎ কেশৱ চন্দ্ৰ গগৈয়ে মুঠ চাৰিবাৰ অসম বিধানসভাৰ মজিয়া শোৱণি কৰিছিল।তেওঁ ১৯৮২ চনৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
আনহাতেদি এই পৰিৱৰ্তনৰ সূচনা হৈছিল ২০০৬ চনত, যেতিয়া ফুকনে ডিব্ৰুগড়ৰ পৰা জয়ী হোৱা প্ৰথমজন বিজেপি প্ৰাৰ্থী হিচাপে ইতিহাস ৰচনা কৰিছিল। তেওঁ কংগ্ৰেছৰ বিধায়ক ড° কল্যাণ কুমাৰ গগৈক মাত্ৰ ১৭৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। সেই আৰম্ভণিৰ পিছত ফুকনে পদ্ধতিগতভাৱে এক শক্তিশালী নিৰ্বাচনী ভেটি গঢ়ি তুলিছে। ২০১১ চনত তেওঁ পুনৰ ড° গগৈক ১৯,৬০৯ টা ভোটত পৰাস্ত কৰে। ২০১৬ চনত তেওঁৰ বিজয়ৰ ব্যৱধান ২৭,৩৭৪ লৈ বৃদ্ধি পায় আৰু ২০২১ চনত তেওঁ কংগ্ৰেছ প্ৰাৰ্থী
ৰাজকুমাৰ নীলনেত্ৰ নেওগৰ বিৰুদ্ধে ৩৮,০০৫ টা ভোটৰ বৃহৎ ব্যৱধানত জয়লাভ কৰি এক অভিলেখ গঢ়িছিল।এইবাৰ দুজন নৱাগত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ফুকনে সহজতে পঞ্চমবাৰৰ বাবে জয়ী হ’ব বুলি ধাৰণা কৰা হৈছে। অৱশ্যে তেওঁৰ অভিযান সম্পূৰ্ণ প্ৰত্যাহ্বানবিহীন যে ঠিক তেনে নহয়।
আনাহাতে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ় লৈ উঠা মহানগৰৰ দুৰ্বল আন্তঃগাঁথনিৰ পথ, ব্যাপক যানজঁটৰ সমস্যা, গাড়ী পাৰ্কিংৰ সুব্যৱস্থা নথকা, পথৰ লাইট আদি ব্যৱস্থাৰ দিশটোও ৰাইজৰ মাজত সৰব আলোচনা হৈ পৰিছে।যিহেতু ফুকন, নিজেই ৰাজ্যৰ শক্তি মন্ত্ৰী, সেয়েহে এই বিষয়টো ৰাইজৰ মাজত এতিয়া এক চৰ্চাৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে।
এনে উদ্বেগসমূহৰ স্বত্বেও, বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধে কোনো দৃশ্যমান প্ৰতিস্থান বিৰোধী ঢৌ নথকা আৰু বিৰোধীয়ে অভিজ্ঞতাহীন প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে ফুকনেই বিজয়ৰ প্ৰৱল দাবীদাৰ হিচাপে বিবেচিত হৈছে।অৱশ্যে এয়া ৪ মে’ৰ দিনাহে সকলো পৰিস্ফুট হব।