...

সময় শেষ ! বিমানৰ ক’কপিটৰ পৰা নামি আহিল পাইলট !

Spread the love

সময় শেষ!বিমানৰ ক’কপিটৰ পৰা নামি আহিল পাইলট!

 

তাৰ পাছত বিপাঙত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে
তাৰ পিছত কি হল পঢ়ক এই প্ৰতিবেদন

চাইন অন ডেস্কঃ

সময় শেষ ! বিমানৰ ককপিটৰ পৰা নামি আহিল পাইলট ! তাৰ পাছত বিপাঙত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে।প্ৰায় এঘন্টা পলম হোৱাৰ বাবে ব্যক্তিগত বিমানৰ পাইলটে কৰ্তব্যৰ সময় শেষ হোৱাৰ কথা উল্লেখ কৰি উৰা মাৰিবলৈ অস্বীকাৰ কৰিলে। যাৰবাবে বিমানবন্দৰতে বহুসময় পৰ দি থাকিবলগীয়া হ’ল উপ-মুখ্যমন্ত্ৰীগৰাকী। শুকুৰবাৰে জলগাঁৱৰ পৰা মুম্বাইলৈ যোৱাৰ পৰত সংঘটিত হ’ল এই ঘটনা।

শুকুৰবাৰে শিৱসেনাৰ মুৰব্বীগৰাকীয়ে মুক্তানগৰৰ সন্ত মুক্তাইৰ ‘পাল্কী যাত্ৰা’ (ধৰ্মীয় শোভাযাত্ৰা)ত অংশগ্ৰহণ কৰিছিল। বিয়লি ৩.৪৫ বজাত তেওঁ জলগাঁৱত উপস্থিত হোৱাৰ কথা আছিল যদিও কাৰিকৰী কাৰণত প্ৰায় ডেৰ-দুই ঘন্টা পলম হৈছিল। আহি পোৱাৰ লগে লগে তেওঁ পথেৰে মুক্তনগৰলৈ যাত্ৰা কৰিছিল। এই যাত্ৰাপথত তেওঁক সংগ দিছিল মন্ত্ৰী গিৰীশ মহাজন আৰু গুলাব্ৰাউ পাটিল, লগত আছিল প্ৰশাসনৰ আন কিছুসংখ্যক বিষয়া।

পাল্কী যাত্ৰাত অংশগ্ৰহণ কৰি সন্ত মুক্তাই মন্দিৰ পৰিদৰ্শন কৰাৰ পিছতে একনাথ সিন্দে আৰু তেওঁৰ দলটোৱে নিশা ৯.১৫ বজাত জলগাঁও বিমানবন্দৰলৈ উভতি আহে। কিন্তু কামৰ সময় শেষ হোৱাৰ কথা উল্লেখ কৰি পাইলটজনে বিমানখন উৰুৱাবলৈ অস্বীকাৰ কৰে। তেওঁ উল্লেখ কৰে, যিহেতু তেওঁৰ কৰ্তব্যৰ সময় শেষ হৈছে, গতিকে উৰণৰ বাবে সতেজ ক্লিয়াৰেন্স বিচাৰিবলৈ কিছু সময় লাগিব।

বিশেষ সূত্ৰই জনোৱা অনুসৰি, পাইলটজনে উৰণ ল’বলৈ অস্বীকাৰ কৰাৰ আঁৰৰ কাৰণ হিচাপে অসুস্থতাৰ কথা উল্লেখ কৰিছে। ইয়াৰ পাছতে পাইলটক বুজোৱাত লাগিল একনাথ সিন্দেৰ লগত যোৱা বিষয়াসকল। প্ৰায় ৪৫ মিনিটৰ আলোচনাৰ অন্তত তেওঁক উৰণৰ বাবে পতিয়ন নিয়াবলৈ সক্ষম হৈছিল। তাৰ পিছতহে বিমানখনে মুম্বাইলৈ উৰা মাৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *