অৱশেষত জিলা আয়ুক্তলৈ শিক্ষামন্ত্ৰীৰ আহ্বান
‘সলনি কৰক বিদ্যালয়ৰ সময়সূচী’
উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য
উৎকট গৰমৰ প্ৰত্যাহ্বান নেওচি পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই চলি আছে সকলো
অফিচ-কাছাৰী, বিদ্যালয়, মহাবিদ্যালয় আদি
উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যকে। উৎকট গৰমৰ প্ৰত্যাহ্বান নেওচি পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই চলি আছে সকলো অফিচ-কাছাৰী, বিদ্যালয়, মহাবিদ্যালয় আদি। কিন্তু আগন্তুক কেইবাটাও দিনলৈ বতৰৰ পৰিবৰ্তনৰ কোনো লক্ষ্যণ নথকাত স্বাভাৱিক ভাৱেই সকলো ৰক্ষা কৰাতো অসম্ভ হৈ পৰিছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক দুটা দিলত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। সোমবাৰৰ দৰেই মঙলবাৰেও দিল্লী-এন চি আৰত হিটৱেভ এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি আগন্তুক চাৰি দিনলৈ দিল্লীবাসীয়ে এনে ‘হিটৱেভ’ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই।
পূব ৰাজস্থানত গৰমৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশো সূৰ্যৰ প্ৰখৰ উত্তাপৰ পৰা ৰক্ষা নাপায়। পশ্চিম আৰু পূব উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।