...
Spread the love

অৱশেষত জিলা আয়ুক্তলৈ শিক্ষামন্ত্ৰীৰ আহ্বান

‘সলনি কৰক বিদ্যালয়ৰ সময়সূচী’

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য

উৎকট গৰমৰ প্ৰত্যাহ্বান নেওচি পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই চলি আছে সকলো

অফিচ-কাছাৰী, বিদ্যালয়, মহাবিদ্যালয় আদি

 

চাইন অন ডেস্ক:

উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যকে। উৎকট গৰমৰ প্ৰত্যাহ্বান নেওচি পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰিয়েই চলি আছে সকলো অফিচ-কাছাৰী, বিদ্যালয়, মহাবিদ্যালয় আদি। কিন্তু আগন্তুক কেইবাটাও দিনলৈ বতৰৰ পৰিবৰ্তনৰ কোনো লক্ষ্যণ নথকাত স্বাভাৱিক ভাৱেই সকলো ৰক্ষা কৰাতো অসম্ভ হৈ পৰিছে।
তথ্য অনুসৰি সোমবাৰে গুৱাহাটীৰ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াছ আছিল যদিও গৰমৰ অনুভৱ আছিল ৩৮ ডিগ্ৰী চেলছিয়াৰ সমান। সেইদৰে ৰাজ্যৰ আন আন জিলাসমূহতো একেই অৱস্থা আছিল। আজি গুৱাহাটীৰ তাপমান ৩৫ ডিগ্ৰী চেলছিয়াছ যদিও গৰমৰ অনুভৱ ৪২ ডিগ্ৰী চেলছিয়াছৰ সমান।
এনে পৰিস্থিতিতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বতৰ বিজ্ঞান বিভাগে জাৰি কৰা হিট ৱেভৰ জাননী এক্সত আপলোড কৰি শিক্ষানুষ্ঠানৰ সময় সলনি কৰিবলৈ ৰাজ্যৰ জিলাসমূহৰ আয়ুক্তসকলক আহ্বান জনাইছে। উল্লেখ্য যে, কেৱল অসমতেই নহয়, দক্ষিণ ভাৰতৰ দুখন ৰাজ্যক বাদ দি বাকী আটাইসমূহ ৰাজ্যতে হিট ৱেভৰ জাননী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক দুটা দিলত দিল্লীৰ সৰ্বোচ্চ উষ্ণতা ৪৫ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ’ব পাৰে। সোমবাৰৰ দৰেই মঙলবাৰেও দিল্লী-এন চি আৰত হিটৱেভ এলাৰ্ট জাৰি কৰা হৈছে। তাৰোপৰি আগন্তুক চাৰি দিনলৈ দিল্লীবাসীয়ে এনে ‘হিটৱেভ’ৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো সম্ভাৱনা নাই।
দিল্লীৰ দৰেই সমগ্ৰ উত্তৰ ভাৰততো গৰমে তীব্ৰ ৰূপ ধাৰণ কৰিছে। উৎকট গৰমৰ বাবেই জম্মু-কাশ্মীৰৰ দৰে শীতল অঞ্চলত অহা তিনিদিনৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
পঞ্জাৱ আৰু হাৰিয়ানাতো প্ৰচণ্ড গৰমৰ বাবে চাৰিদিনলৈ অৰেঞ্জ এলাৰ্ট ঘোষণা কৰা হৈছে। ৰাজস্থানৰ পৰিস্থিতি আৰু ভয়াৱহ। পশ্চিম ৰাজস্থানত গৰমৰ প্ৰভাৱৰ লগতে ‘উষ্ণ ৰাতি’ৰ সতৰ্কবাণীও জাৰি কৰা হৈছে। অঞ্চলটোত গৰমৰ বাবে ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
পূব ৰাজস্থানত গৰমৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশো সূৰ্যৰ প্ৰখৰ উত্তাপৰ পৰা ৰক্ষা নাপায়। পশ্চিম আৰু পূব উত্তৰ প্ৰদেশ আৰু উত্তৰ মধ্যপ্ৰদেশৰ উষ্ণতা বৃদ্ধিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।
উত্তৰ-পশ্চিম ভাৰতত আগন্তুক দুদিনলৈ ধূলিৰ ধুমুহাৰ সম্ভাৱনাও আছে। অৱশ্যে দক্ষিণ ভাৰতত এনে গৰমৰ পৰিবৰ্তে বৰষুণৰ বাবেই শীতল হৈ থাকিব। বাৰিষাৰ বৰষুণে দক্ষিণ ভাৰতক ধুই নিব।
বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা ১০ৰ পৰা ১২ জুনৰ ভিতৰত কৰ্ণাটক, কেৰেলাকে ধৰি দক্ষিণ ভাৰতৰ কেইবাটাও স্থানত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। চাৰি দিনৰ পিছত অৱশ্যে উত্তৰ ভাৰততো বৰষুণৰ সম্ভাৱনা নথকা নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *