...

প্রথম দিনাই টীম ইণ্ডিয়াৰ নিয়ন্ত্ৰণত ইডেন টেষ্ট, দিনান্তত ভাৰতৰ ৩৭/১

Spread the love

 

 

প্রথম দিনাই টীম ইণ্ডিয়াৰ নিয়ন্ত্ৰণত ইডেন টেষ্ট, দিনান্তত ভাৰতৰ ৩৭/১

 

 

বিধ্বংসী বুমৰাহৰ ৫ উইকেট, দক্ষিণ আফ্ৰিকাৰ ১৫৯

কলকাতা:

ইডেন টেষ্টৰ প্ৰথম দিনাই বিধ্বংসী যশপ্রীত বুমবাহ।শুক্ৰবাৰৰ পৰা দক্ষিণ আফ্রিকাৰ বিপক্ষে ইডেন গার্ডেনত আৰম্ভ হোৱা শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনাই ভাৰতে নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছে। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা দক্ষিণ আফ্রিকাই বুমৰাহৰ লগতে মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱৰ দুর্দান্ত বলিঙৰ সন্মুখত বেটিং বিপর্যয়ৰ সম্মুখীন হয় আৰু মাত্র ৫৫ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৫৯ ৰান কৰি প্রথম ইনিংছ সামৰে। এইডেন মার্কৰাম আৰু বিয়ান বিকেলটনে ইনিংছ মুকলি কৰিবলৈ আহি প্রথম উইকেটত ৫৭ ৰান কৰি দলক সুস্থিৰ আৰম্ভণি দিয়ে। বিকেলটনে ২৩ বান কৰি বিদায় লোৱাৰ পিছতে বিপৰ্যয়ৰ সন্মুখীন হয় প্রটিয়াজ বাহিনীৰ। বুমৰাহ আৰু কুলদীপৰ দুর্দান্ত বলিঙৰ সন্মুখত ইটোৰ পিছত সিটো উইকেট হেৰুৱায় দক্ষিণ আফ্রিকাই। ভাৰতীয় বলাৰৰ সন্মুখত আলহী দলটোৰ কোনো এজন বেটাৰে ক্ৰিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে। অ’পেনাৰ মাৰ্কৰামে সর্বাধিক ৩১ বান কৰে। ইপিনে, মুল্ডাৰে ২৪ ৰান কৰাৰ লগতে টনী ডি জর্জিয়েও ২৪ ৰানৰ বৰঙণি আগবঢ়ায়। ত্রিষ্টান ষ্টাবছে ১৫ বান কবি অপৰাজিত হৈ থকাৰ বিপৰীতে কাঈল ভেৰেনিয়ে ১৬ বানৰ অৱদান আগবঢ়ায়। অধিনায়ক টেম্বা বাভুমাই মাত্র তিনি বান কৰি পেভিলিয়নমুখী হয়। আনহাতে, মার্কো জানছেনে ০, কর্বিন্দ বছে ৩, ছাইমন হাৰমাৰে ৫ আৰু কেশৱ মহাৰাজে কোনো বান নকৰাকৈ
বিদায় লয়। ভাৰতীয় দলটোৰ হৈ বুমৰাহে সর্বাধিক ৫টা উইকেট লাভ কৰাৰ লগতে কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজ উভয়ে দুটাকৈ তথা অক্ষৰ পেটেলে এটা উইকেট লাভকৰে। ইপিনে, ভাৰতীয় দলটোৱে প্রথম ইনিংছ মুকলি কৰিবলৈ আহি শুকুৰবাৰৰ প্ৰথম দিনৰ খেলৰ অন্তলৈকে এটা উইকেট হেৰুৱাই ৩৭ৰান কৰিছে। দিনান্তত লোকেশ বাহুলে ১৩ আৰু ৱাশ্বিংটন সুন্দৰে ৬ ৰান কৰি ক্ৰিজত আছে। যশস্বী জয়ছোৱালৰ ৰূপত ভাৰতে প্রথমটো উইকেট হেৰুৱায়। দলীয় স্ক’ৰ ১৮ ৰানত জয়ছোৱালে ব্যক্তিগত ১২ বানত জানছেনৰ বলত পেভিলিয়নমুখী হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *