নগাঁৱত নিশা ২.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত
নগাঁও, ১৫ নবেম্বৰঃ নগাঁও জিলাত শুক্ৰবাৰে নিশা অনুভূত হয় এক মৃদু প্ৰাৱল্যৰ ভূমিকম্প। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই জনোৱা মতে,নিশা ১১.০৪ বজাত সংঘটিত হয় এই ভূমিকম্পটো। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ তথ্য মতে ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ২.৯ । অৱশ্যে এই ভূমিকম্পৰ ফলত জিলাখনৰ কোনো প্ৰান্তত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য লাভ কৰা হোৱা নাই। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰ (National Centre for Seismology,NCS)ৰ তথ্য অনুসৰি এই ভূমিকম্পটোৰ উৎপত্তিস্থল হৈছে ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। অৰ্থাৎ ভূমিকম্পৰ উৎপত্তিস্থলৰ গভীৰতা নিচেই কম। ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই নিজৰ X হেণ্ডেলৰ এটা পোষ্টত উল্লেখ কৰিছে “২.৯ প্ৰাৱল্যৰ এটা ভূমিকম্প ২৬.৪৭ উত্তৰ অক্ষাংশ আৰু ৯২.৭৫ পূব দ্ৰাঘিমাংশত (১৪-১১-২০৫ তাৰিখে) অসমৰ নগাঁও জিলাত সংঘটিত হৈছে । এই ভূমিকম্পৰ উৎপত্তিস্থল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰত ।
উল্লেখ্য যে,সাধাৰণতে গভীৰ ভূমিকম্পতকৈ অগভীৰ ভূমিকম্প অধিক বিপজ্জনক। কাৰণ অগভীৰ ভূমিকম্পৰ পৰা অহা ভূমিকম্পীয় ঢৌৱে ভূপৃষ্ঠলৈ যাত্ৰা কৰিবলৈ কম দূৰত্ব লাভ কৰে। যাৰ ফলত মাটিৰ কঁপনি অধিক শক্তিশালী হয় আৰু আন্তঃগাঁথনিৰ অধিক ক্ষতি হয় । লগতে হতাহতৰ সংখ্যাও অধিক হয়। তেনে ক্ষেত্ৰত নগাঁৱৰ এই ভূমিকম্পটো যথেষ্ট বিপদজ্জনক আছিল। কিন্তু ইয়াৰ প্ৰাৱল্য কম হোৱাৰ বাবে কোনো ধৰণৰ বৃহৎ ক্ষয়-ক্ষতিৰ পৰা ৰক্ষা পৰে। কিয়নো অগভীৰ ভূমিকম্পত ধন-জনৰ ক্ষয়-ক্ষতি অধিক হোৱাৰ লগতে ইয়াৰ প্ৰভাৱো অধিক। উল্লেখ্য যে,অসমখন ভূমিকম্প প্ৰৱণ মণ্ডলত অৱস্থিত। যাৰ বাবে প্ৰায়ে মাজে মাজে ভূমিকম্প হৈ থাকে। অৱশ্যে অসমত অতি প্ৰাৱল্যৰ ভূমিকম্পৰ সম্ভাৱনীয়তাৰ কথাও ভূবিজ্ঞানীসকলে উল্লেখ কৰি আহিছে ।