...

ট্রাম্পৰ দ্বিতীয়টো কার্যকালত স্বপ্নভংগ বহু শিক্ষার্থীৰ!

Spread the love

 

ট্রাম্পৰ দ্বিতীয়টো কার্যকালত স্বপ্নভংগ বহু শিক্ষার্থীৰ!

 

মার্কিন বিশ্ববিঃত ভাৰতীয় ছাত্র ৭৫ শতাংশ হ্রাস

 

*ৱাশিংটন:*

মার্কিন বিশ্ববিদ্যালয়ত পৰা-শুনা কৰি উচ্চ শিক্ষা অর্জন,কেৰিয়াৰ গঢ়াৰ সপোন দেখা ভাৰতীয় শিক্ষার্থীসকলে বেয়া সময়ৰ মুখামুখিৰ সন্মুখীন হৈছে। হাজাৰ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ স্বপ্নভংগ হোৱাৰ উপক্রম হৈছে। দেশখনৰ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় শিক্ষাৰ্থীৰ নাম ভর্তি বা এনৰলমেন্টত প্রায় ৭৫ শতাংশ হ্ৰাস পাইছে।যোৱা কেইবাটিও দশকত নামভৰ্তিৰ হাৰ কেতিয়াও ইমানখিনি হ্রাস পোৱা নাছিল। শিক্ষা সম্পর্কত পৰামৰ্শদাতা কনছালটেন্ট সংস্থাসমূহে ইয়াৰ নেপথ্যত নানা কাৰন দেখিবলৈও পাইছে।যেনে ভিজাৰ আবেদন আগৰ তুলনাত অধিক সংখ্যক বাতিল হোৱা, ইন্টাৰভিউ শ্লট একেবাৰে নোপোৱা, আবেদনকাৰী শিক্ষাৰ্থীৰ হতাশা, উদ্বেগ ক্ৰমশঃ বৃদ্ধি পোৱা আদি। আগষ্টৰ পৰা
অক্টোবৰৰ ভিতৰত মার্কিন শিক্ষা প্ৰতিষ্ঠানসমূহৰ নামভৰ্তিৰ বাবে খদমদম লগা সময়তে এইবাৰ ভাৰতীয় শিক্ষার্থীসকলৰ নথিভূক্তিকৰণ এই সময়ছোৱাত প্রায় ৭০ শতাংশ হ্রাস পাইছে। এটা আগশাৰীৰ পৰামর্শদাতা সংস্থাৰ এগৰাকী কর্মকর্তাই জনোৱা মতে, বহু শিক্ষাৰ্থীয়ে সময়মতে ভিজাৰ ইন্টাৰভিউৰ এপইন্টমেন্ট নোপোৱাত মার্কিন প্রতিষ্ঠানত নামভৰ্তিৰ পৰিকল্পনা স্থগিত ৰাখিছে বা বাতিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *