...

উজনি অসম ভিত্তিত দুলীয়াজানত খেল’ ইণ্ডিয়া অস্মিতা ৱ’মেন চিটি লীগ ২০২৫-২৬ সম্পন্ন

Spread the love

 

 

উজনি অসম ভিত্তিত দুলীয়াজানত খেল’ ইণ্ডিয়া অস্মিতা ৱ’মেন চিটি লীগ ২০২৫-২৬ সম্পন্ন

 

 

যোগাসনত কৃষ্ণা শইকীয়া আৰু দীপিকা নেওগ গগৈৰ স্বৰ্ণ লাভ

 

 

দুলীয়াজান:

ডিব্ৰুগড় জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত ভাৰতীয় খেল প্ৰাধিকৰণ চমুকৈ SAI ৰ তত্বাৱধানত তৈল নগৰী দুলীয়াজানৰ অসম গেছ কোম্পানীৰ প্ৰেক্ষাগৃহ আৰু দুলীয়াজান মহাবিদ্যালয়ৰ ইন্দোৰ ষ্টেডিয়ামত খেল’ ইণ্ডিয়া অস্মিতা ৱ’মেন চিটি লীগ ২০২৫-২৬ অনুষ্ঠিত হৈ যায়। এদিনীয়া কাৰ্যসূচীৰে আয়োজিত উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে দুলীয়াজান মহিলা সমিতিৰ সভানেত্ৰী বন্তি হাজৰিকাই । শুভাৰম্ভণি অনুষ্ঠানত বিশেষ ভাৱে উপস্থিত থাকে সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ গোস্বামী আৰু সাধাৰণ সম্পাদক নিৰুপম দুৱৰা। উজনি অসম ভিত্তিত অনুষ্ঠিত হোৱা এই খেলৰ মাধ্যমেৰে মহিলা সকলক যোগাসনৰ ক্ষেত্ৰত আগবাঢ়ি গৈ নিজৰ দেশৰ নাম উজ্বলাবলৈ সক্ষম হ’ব পৰাকৈ সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে আয়োজিত এই প্ৰতিযোগিতাত ১০ বছৰৰ পৰা ৫৫ বছৰ বয়সলৈ প্ৰায় চাৰি শতাধিক মহিলাই অংশগ্ৰহণ কৰা বুলি ডিব্ৰুগড় জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি হিমাংশু বৰাই জানিবলৈ দিছে। উক্ত প্ৰতিযোগিতাত ১০–১৮ বছৰৰ শাখাত কৃষ্ণা শইকীয়াই সোণৰ পদক, কৃষ্টিনা বৰগোহাঁয়ে ৰূপৰ পদ, দীপান্দিতা শৰ্মাই ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হয়। তাৰ বিপৰীতে ১৮–৫৫ বছৰ বয়সৰ পৰ্যায়ত দীপিকা নেওগ গগৈয়ে সোণ, সুস্মিতা নৰহে ৰূপ আৰু গীতাঞ্জলি গগৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰি ৰাজ্যিক পৰ্যায় খেলখনলৈ নিৰ্বাচিত হয়। আনহাতে প্ৰতিগৰাকী অংশগ্ৰহণকাৰীক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ লোকবিকাশ গগৈ লগতে অইলৰ চলিত শ্ৰমিক সন্থাৰ সভাপতি ৰাজীৱ দিহিঙ্গীয়া উপস্থিত থাকি খেলুৱৈ সকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য দাঙি ধৰে।

(কৃষ্ণা গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *