গ্ৰেপ্তাৰ দুলীয়াজানকাণ্ডৰ অভিযুক্ত
আত্মগোপন কৰি থাকোতেই ধৰা পৰিল আটছা নেতা প্ৰকাশ
চাইন অন ডেস্কঃ
অৱশেষত আত্মগোপন কৰি থাকোতেই ধৰা পৰিল আটছা নেতা প্ৰকাশ।ডিব্ৰুগড় জিলাৰ দুলীয়াজানত দিন-দুপৰতে পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাক লৈ আজিও দুলীয়াজানৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া । সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ পাছত আজি আৰক্ষীৰ জালত পৰিল এই ঘটনাৰ লগত জড়িত এজন আটছা নেতা ।
বি এন সিং পেট্ৰ’ল ডিপোত মাৰপিটৰ ঘটনাৰ সৈতে জড়িত প্ৰকাশ চাহুক গ্ৰেপ্তাৰ কৰিছে দুলীয়াজান আৰক্ষীয়ে । দুলীয়াজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়া আৰু নামৰূপৰ উপ-আৰক্ষী অধীক্ষক প্ৰাণজিৎ দাসৰ নেতৃত্বত তিনিচুকীয়া জিলাৰ কেহাং চাহ বাগিচাৰ বিছফুটিয়া অঞ্চলৰ পৰা সোমবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰকাশ চাহুক ।
দুলীয়াজান আটছাৰ উপদেষ্টা প্ৰকাশ চাহুৱে ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰাই কেহাং চাহ বাগিচাৰ বিছফুটিয়া অঞ্চলৰ এঘৰ লোকৰ বাসগৃহত আত্মগোপন কৰি থকা অৱস্থাত দুলীয়াজান আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ১৭ মে’ত দিন-দুপৰতে দুলীয়াজানৰ পেট্ৰ’ল পাম্পত বৃহৎ গুণ্ডা বাহিনীৰ আক্ৰমণৰ ঘটনাৰ পাছতে তনু শ্বাহী নামৰ যুৱতীগৰাকীয়ে আৰক্ষীক যি এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰত উল্লেখ থকা প্ৰথম নামটোৱেই আছিল আটছা নেতা প্ৰকাশ চাহুৰ ।
উল্লেখযোগ্য যে, ১৭ মে’ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি এন সিং পেট্ৰ’ল পাম্প ছাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিটৰ ঘটনা । ইয়াৰ পাছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।
শংকৰজ্যোতি বৰুৱাক ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে । আনকি শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰি হেণ্ডকাফ লগাই আদালতলৈ নিয়া ঘটনাক লৈও সৃষ্টি হৈছে তুমুল বিতৰ্ক । আছুৰ প্ৰাক্তন নেতাজনক অতি ষড়যন্ত্ৰমূলকভাৱে কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি চলিছে চৰ্চা । কিন্তু আৰক্ষীয়ে ঘটনাৰ নিৰপেক্ষ তদন্তৰ আশ্বাস দি আহিছে । ইয়াৰ মাজতে প্ৰকাশ চাহুক কেহাং চাহ বাগিচাৰ পৰা দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আটছাৰ মজিয়াতো প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।