...

নগৰবেৰাত আৰক্ষীৰ জাঁলত ড্ৰাগছ সৰবৰাহকাৰী

Spread the love

নগৰবেৰাত আৰক্ষীৰ জাঁলত ড্ৰাগছ সৰবৰাহকাৰী

বুজন পৰিমাণৰ ড্ৰাগছ,চুলাই জব্দ

গুৱাহাটী:

কামৰূপৰ নগৰবেৰাত আৰক্ষীৰ আজি সন্ধিয়া চলোৱা ড্ৰাগছ বিৰোধী এক অতৰ্কিত অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় এজন সৰবৰাহকাৰী।ধৃত ড্ৰাগছ সৰবৰাহকাৰী জন প্ৰিয় চৰন দাস। নগৰবেৰা নিউ মাৰ্কেটত চলা আৰক্ষীৰ এই অভিযানত ৪ টাকৈ ড্ৰাগছ ভৰ্তি আৰু ১ টা খালি কন্টেইনাৰৰ লগতে ২ বস্তা চুলাই জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত চুলাই খিনি আৰক্ষীয়ে ধ্বংস কৰে।নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত চলে এই অভিযান।নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ এনে বৃহৎ অভিযানৰ সফলতাৰ ৰাইজে শলাগ লৈছে |

Leave a Reply

Your email address will not be published. Required fields are marked *