...

ড্ৰাগছ বিৰোধী সজাগতাৰ সৃষ্টি

Spread the love

ড্ৰাগছ বিৰোধী সজাগতাৰ সৃষ্টি

 

ধুবুৰীৰ পৰা শদিয়ালৈ বিশেষ মাৰাথন
২৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ধুবুৰী মাৰাথন ২০২৬ৰ তৃতীয় সংস্কৰণ

চাইন অন ডেস্ক:

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ লক্ষ্যৰে যোৱাকালি ধুবুৰীৰ পৰা শদিয়ালৈ শীৰ্ষক এক বিশেষ মাৰাথন দৌৰৰ আৰম্ভ হৈছে। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ দৌৰবিদ, ৬৫ বছৰীয়া বিনোদ পাটগিৰিৰ পদক্ষেপত কালি ৰাতিপুৱা ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ পৰা সেই বিশেষ মাৰাথন দৌৰৰ শুভাৰম্ভ ঘটে। যুৱ প্ৰজন্মক নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টি কৰাৰ লক্ষ্যৰে এক বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যেৰে লোৱা পাটগিৰিৰ প্ৰশংসনীয় এই পদক্ষেপক ধুবুৰী ক্ৰীড়া সন্থা, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু অসম গণ পৰিষদ দলৰ ধুবুৰী জিলা কমিটিয়ে আদৰণি জনোৱাৰ সমান্তৰালকৈ তেখেতৰ এই প্ৰচেষ্টা সফল হোৱাৰ বাবে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে, অহা ২৯ ফেব্ৰুৱাৰীৰ দিনা ধুবুৰীত অনুষ্ঠিত হ’ব “ধুবুৰী মাৰাথন ২০২৬”ৰ তৃতীয় সংস্কৰণ। ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে মাৰবান্ধি একগোট হোৱাৰ লক্ষ্যৰে বিগত দুই বছৰৰ পৰা ৪২ কিলোমিটাৰ, ২১ কিলোমিটাৰ, ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰৰ চাৰিটা শাখাত অনুষ্ঠিত হৈ অহা ধুবুৰী মাৰাথনে এইবেলি তৃতীয় বৰ্ষত ভৰি দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *