বেবেজীয়াত মুকলি আকাশৰ প্ৰাকৃতিক পৰিৱেশত নাট মহোৎসৱত
নাট্য প্ৰেমী ৰাইজৰ ব্যাপক সঁহাৰি
নগাঁও:
‘নাটকেই জীৱন ৷জীৱনেই নাটক ৷প্ৰতেকজন মানুহৰ জীৱনটো একোখন নাটক ৷ কোনোবাই মঞ্চত ৰূপায়ণ কৰে আৰু কোনোবাই নিজৰ জীৱনটোতে নাটক ৰূপায়ণ কৰে ৷” নগাঁও জিলাৰ বেবেজীয়াত আজিৰেপৰা অনুষ্ঠিত হোৱা “ৰ’দঘাই বেবেজীয়া”ৰ নাট উদ্বোধন
কৰি উল্লিখিত বক্তব্য প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক তথা সুদক্ষ অভিনেতা বিশ্বজিৎ বৰঠাকুৰে ৷ উল্লেখ্য যে আজিৰ পৰা সাত বছৰৰ পূৰ্বে বেবেজীয়া অঞ্চলৰ কেইগৰাকীমান নাট্যপ্ৰেমীৰ আন্তৰিক প্ৰচেষ্টাত “ৰ’দঘাই বেবেজীয়া” নামৰ নাট্যদলটিয়ে জন্ম লাভ কৰিছিল ৷ গণমুখী নাট্যপ্রীতি সঞ্চাৰ কৰি নাটকক জীৱনৰ অংগ কৰি লোৱাৰ সংকল্পই আছিল “ৰ’দঘাই বেবেজীয়া”ৰ উদ্দেশ্য ৷ এই উদ্দেশ্যেকে সাৰোগত কৰি জন্ম লাভ কৰা অনুষ্ঠানটিয়ে এইবাৰ সপ্তম বৰ্ষত পদাৰ্পণ কৰিলে ৷ বিগত বৰ্ষকেইটাৰদৰেই এইবাৰো “ৰ’দঘাই বেবেজীয়া”ই আজিৰেপৰা দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে নাট মহোৎসৱৰ ৷ বেবেজীয়া চাৰিআলিৰ জুৰীয়া নামঘৰৰ নাতিদুৰৈৰ মুকলি পথাৰত বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত হোৱা আজিৰ প্ৰথম দিনৰ নাট মহোৎসৱৰ অনুষ্ঠানত নগাঁৱৰ পৰা ক্ৰমে চন্দ্ৰজ্যোতি সংঘৰ ‘ৰং-বেৰং’, জ্যোতি ৰংগমঞ্চৰ ‘অগ্ৰাহ্য’ আৰু ঐকান্তিক সাংস্কৃতিক গোষ্ঠী শিল্পী সকলৰ দ্বাৰা ‘কোন পথৰ পথিক’ শীৰ্ষক নাটকেইখন পৰিবেশন হয় ৷ উল্লেখ্য যে পোহৰ আৰু শব্দৰ কাৰিকৰী কৌশল অবিহনেই
পৰিৱেশন হোৱা এই নাট মহোৎসৱ এক প্ৰকাৰ দৰ্শক ৰাইজৰ কৌতূহলৰ বিষয় হৈ পৰা পৰিলক্ষিত হয় ৷ আজি প্ৰথম নাট্য অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, নাট্যশিল্পী ক্ৰমে শুক্ৰাচাৰ্য্য ৰাভা, ৰফিকুল হোছেইন আৰু গণেশ হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনেৰে শুভাৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ নাট্যানুষ্ঠানটিত অজিত বৰঠাকুৰ, প্ৰশান্ত শৰ্মা, গগন চৌধুৰী, ৰাজেন ফুকনৰ লগতে মহেশ্বৰ হাজৰিকা, মোহিনী মোহন ডেকা, জীতু বৰা, ৰঞ্জন হাজৰিকা,দীপ কুমাৰ বৰা, বিতুল কাকতি,ফনীন্দ্ৰ শৰ্মা,জোন হাজৰিকা প্ৰমুখ্যে শতাধিক লোকৰ উপস্থিতিয়ে নাট্যানুষ্ঠানটিক উপভোগ্য কৰি তোলে ৷ আনহাতে কাইলৈ দ্বিতীয় দিনা অৰ্থাৎ ৮ মাৰ্চতো ঠিক একে সময়তে বিয়লি দুই বজাৰ পৰা তেজপুৰৰ বাণ থিয়েটাৰে ‘টেটোন তামুলী’, নগাঁৱৰ অৰিহণা নাট্যগোষ্ঠীয়ে ‘বন ফুল বকুল’ আৰু ৰ’দঘাই বেবেজীয়াৰ শিল্পী সকলে পৰিবেশন কৰিব ‘দৰ্খাস্ত’ শীৰ্ষক নাটকেইখন ৷ তাৎপৰ্যপূৰ্ণ যে বহুজন চিৰসুন্দৰৰ পূজাৰী, নাট্যশিল্পীৰ ত্যাগ আৰু শিল্প সাধনাৰ বেদীত নিৰ্মিত নগাঁৱৰ নাট্য ঐতিহ্যৰে মহিমামণ্ডিত বেবেজীয়াৰ মুকলি আকাশৰ তলৰ গছ-বিৰিখেৰে আবৰা প্ৰকৃতিৰ নীৰৱ নিস্তব্ধ পৰিবেশত অনুষ্ঠিত হোৱা আজিৰ নাট মহোৎসৱস্থলী সহস্ৰাধিক ৰাইজৰ আগমনত এক উদুলিমুদুলি পৰিবেশে বিৰাজ কৰে ৷ প্ৰকৃতি জগতৰ নীৰব নিৰ্জন নিতাল পৰিবেশত নাট্যপ্ৰেমী দৰ্শক ৰাইজে প্ৰথম দিনটোৰ নাট মহোৎসৱ উপভোগ কৰি যি অনুপ্ৰেৰণা আগবঢ়ালে একেদৰেই কাইলৈও উৎসৱ উদ্যাপন সমিতিৰ হৈ সভাপতি প্ৰদ্যুম্ন গোস্বামী আৰু সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মাই ৰাইজৰ উৎসাহ আৰু উপস্থিতি আন্তৰিকতাৰে আশা প্ৰকাশ কৰিছে ৷