Skip to content ডিব্ৰুগড়ত ভূতপূৰ্ব উপাচাৰ্য, শিক্ষাবিদ ড॰ কন্দৰ্প কুমাৰ ডেকাক ‘শিক্ষা ৰত্ন’ সন্মান প্ৰদান প্ৰহৰীৰ
চাইন অন ডেস্ক:
১৯৩৫ চনৰ ২৬ মাৰ্চত নলবাৰীত জন্মগ্ৰহণ কৰা আৰু বৰ্তমানে ডিব্ৰুগড় নিৱাসী তথা ডিব্ৰুগড় আৰু নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ ড॰ কন্দৰ্প কুমাৰ ডেকাক প্ৰদান কৰা হৈছে শিক্ষাৰত্ন উপাধি আৰু সন্মান৷ এই সন্মান প্ৰদান কৰিছে ডিব্ৰুগড় মহানগৰৰ সৌন্দৰ্যবৰ্ধন আৰু ঐতহ্য সংৰক্ষণ সমিতি ‘প্ৰহৰী’য়ে৷ দেওবাৰে সন্ধিয়া মহানগৰখনৰ ট্ৰিফাৰ্ণ হোটেলত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা [১৯৭১] ৰ নৱম সংখ্যক উদ্যাপন দিৱস উপলক্ষ্যে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ড॰ ডেকাক এই সন্মান প্ৰদান কৰে¸ সংগঠনটোৱে৷ সংগঠনটোৰ সভাপতি তথা সাহিত্যাচাৰ্য ড॰ কৰবী ডেকা হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত শিক্ষাবিদ ড॰ ডেকাক ফুলৰ থোপা, গামোচা, চেলেং, এটি স্মাৰক, গ্ৰন্থৰ টোপোলা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ গীতা বৰুৱা আৰু নৰেন্দ্ৰ নাথ গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক দীপা গোস্বামীয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে সভাপতি ড॰ কৰবী ডেকা হাজৰিকাই৷ জিলা প্ৰতিষ্ঠা দিৱস সম্পৰ্কে চমুকৈ আলোকপাত কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি ডাঃ শান্তনু লহকৰে৷ নিজৰ অনুভৱ ব্যক্ত কৰি বঁটাপ্ৰাপক ড॰ কন্দৰ্প কুমাৰ ডেকাই কয় যে কেইবাটাও ৰাষ্ট্ৰীয় বঁটা শিক্ষাবিদ হিচাপে লাভ কৰিছো যদিও আজি ডিব্ৰুগড়ৰ ৰাইজে প্ৰদান কৰা সন্মান লাভ কৰি নিজকে গৌৰৱবোধ কৰিছো৷ এইক্ষেত্ৰত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ তিনিগৰাকী উপাচাৰ্য ক্ৰমে ড॰ মুকুন্দ মাধৱ শৰ্মা, দেৱদাস কাকতি, ড॰ কুলেন্দু পাঠক আৰু শিক্ষক হিচাপে অধ্যাপক ড॰ মুকুল কুমাৰ শৰ্মাৰ অনুপ্ৰেৰণাৰ কথা শ্ৰদ্ধাৰে উল্লেখ কৰে৷ ড॰ ডেকাৰ জীৱন-কৃতী সম্পৰ্কত চমুকৈ আলোকপাত কৰে অভিনেত্ৰী ঝৰ্ণা শইকীয়াই৷ অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই কয় যে অতীতৰ ভেঁটিক কেন্দ্ৰ কৰিহে বৰ্তমানৰ ভেঁটি তৈয়াৰ হয়৷ এই অৰ্থত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি ভেঁটি উপাচাৰ্য হৈ থকা অৱস্থাত ড॰ ডেকাই গঢ়ি গ’ল সেয়া কোনেও পাহৰিব নোৱাৰে৷ বিশেষকৈ তেখেতৰ পৰা প্ৰশাসনীয় দিশত আমাৰ অনেক কথা শিকিবলগীয়া আছে বুলিও উল্লেখ কৰে ড॰ হাজৰিকাই৷ আনহাতে সভাত অতিথি হিচাপে উপস্থিত থকা যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই তেখেতৰ শিক্ষা জগতলৈ অৱদান তথা শিক্ষক-ছাত্ৰ সমাজে ল’বলগীয়া আদৰ্শ, অনুপ্ৰেৰণা আৰু দৰ্শনৰ কথা উদাহৰণসহ উল্লেখ কৰি ড॰ ডেকাক এগৰাকী মূল্যবোধসম্পন্ন ব্যক্তি বুলি অভিহিত কৰে আৰু উপাচাৰ্য হৈ থকা অৱস্থাত হোৱা ছাত্ৰ আন্দোলনত আৰক্ষীয়ে লাঠিচাৰ্জ কৰিবলৈ অনুমতি বিচৰা সত্ত্বেও বাৰণ কৰি ‘নিজৰ সন্তান’ৰ ওপৰত এই কাৰ্য কৰিব নিদিয়াৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকৎ পাত্ৰয়ো শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ ইয়াৰ লগতে অনলাইন যোগে ড০ নগেন শইকীয়াই ড০ ডেকাক শুভেচ্ছা প্ৰদান কৰি বক্তব্য আগবঢ়ায়। আনহাতে অনুুষ্ঠান উপলক্ষে আয়োজন কৰা ‘যুগৰ প্ৰৱাহত ডিব্ৰুগড় জিলা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ নিৰোদ বৰুৱাই অবিভক্ত ডিব্ৰুগড়ৰ পটভূমি আৰু বৃটিছে ব্যৱসায়ৰ স্বাৰ্থত গ্ৰহণ কৰা ভূমি নীতিকে ধৰি বিভিন্ন কুনীতিৰ কথা উল্লেখ কৰে৷ প্ৰসংগক্ৰমে¸ আহু খেতিৰ স’তে জড়িত বিভিন্ন দিশ সামৰি ড॰ বৰুৱাই তাৎপৰ্যপূৰ্ণভাৱে ওখ মাটি অধিগ্ৰহণৰ স্বাৰ্থত ভূমি নীতিকে অন্যান্য নীতি গ্ৰহণ কৰি বৃটিছে চাহ বাগিছা স্থাপনৰ কথাও ভাষণত উল্লেখ কৰে৷ ড॰ বৰুৱাৰ জীৱন-কৃতী সম্পৰ্কত চমুকৈ আলোকপাত কৰে ড॰ নয়নমণি ফুকনে৷ অনুষ্ঠানত জুবিন গাৰ্গৰ অকাল বিয়োগত একমিনিট সময় মৌনতা অৱলম্বন কৰাৰ উপৰিও ড॰ চুমি ফুকন আৰু সংগীবৃন্দৰ দ্বাৰা শিল্পীগৰাকীৰ ছটা গীতৰ কলি পৰিৱেশনেৰে আৰু কৰবী ডেকা হাজৰিকাৰ ৰচিত তথা ড॰ নিৰোদ বৰুৱাৰ সুৰাৰোপিত এটি গীত পৰিৱেশনেৰে সুধাকন্ঠ ড॰ ভূপেন হাজৰিকাক সন্মান জনোৱা হয়৷ অনুষ্ঠানত নন্দিতা গগৈৰ দ্বাৰা নিৰ্মিত ড॰ কন্দৰ্প কুমাৰ ডেকাৰ জীৱন-কৃতী সম্পকীৰ্য় এখনি ছয় মিনিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়৷ অনুষ্ঠানত বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়া, সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ বিনোদ চন্দ্ৰ বড়া, ডাঃ বিপিন্দ্ৰনাথ কাকতিকে ধৰি চহৰখনৰ শতাধিক গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল-সংগঠনৰ ব্যক্তি উপস্থিত থাকে৷