শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে ডঃ হীৰেন্দ্ৰ নাথ শৰ্মাৰ কাৰ্যভাৰ গ্ৰহণ
বিশ্ববিদ্যালয়ৰ গৃহ নিৰ্মাণ পূৰ্ণগতিত সম্পূৰ্ণ কৰা আশ্বাস
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ বিশাল প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ চাবুৱাত ৰাজ্যখনৰ ভিতৰতে প্ৰথমখন ক্ৰীয়া বিশ্ববিদ্যালয় শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ক্ৰীয়া বিশ্ববিদ্যালয়ৰ নিৰ্মাণকে ধৰি অন্যান্য অন্তঃগাঁথনি সন্দৰ্ভত অসমৰ ৰাজ্যপাল তথা বিশ্বিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই গভীৰ উদ্বেগ প্ৰকাশ কৰা লগতে প্ৰতিষ্ঠা হোৱা সাতটা বছৰ অতিক্ৰম কৰা পাছতো কোনো ধৰণৰ অগ্ৰগতি লাভ নকৰাত ক্ষোভ প্ৰকাশ কৰি অলপতে ডিব্ৰুগড়ত পঞ্জীয়কৰ সৈতে বৈঠকত মিলিত হোৱা লগতে বিশ্ববিদ্যালয় খনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে প্ৰতি মাহত ৰাজভৱনত একোখনকৈ বৈঠক অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছিল।এইখন বিশ্ববিদ্যালয়ৰ দ্বিতীয় গৰাকী উপাচাৰ্য হিচাপে আজি ডিব্ৰুগড় উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত থকা বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্য্যালয়ত শিক্ষাবিদ ড হীৰেন্দ্ৰ নাথ শৰ্মাই আনুষ্ঠানিক ভাবে কাৰ্যভাৰ গ্ৰহণ কৰে।অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক তথা বিজ্ঞানী ড হীৰেন্দ্ৰ নাথ শৰ্মাই কাৰ্য্যভাৰ গ্ৰহণ কৰি মহাপুৰুষজনাৰ নামত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয় খনৰ নিৰ্মাণকে ধৰি অন্যান্য সকলোবোৰ দিশ অতি শীঘ্ৰে আৰু ক্ষিপ্ৰতাৰে পূৰ্ণতা লাভ কৰিব বুলি আশা ব্যক্ত কৰা লগতে তেখেতৰ কাৰ্যকালতে বিশ্ববিদ্যালয়ৰ শিক্ষাদানকে ধৰি চাবুৱাৰ পানীএৰা চৌহদত সম্পাদন কৰিব পৰাকৈ ব্যবস্থা গ্ৰহণ কৰাত গুৰুত্ব প্ৰদান কৰে।আজি এই কাৰ্যভাৰ গ্ৰহণ অনুষ্ঠানত পঞ্জীয়ক পংকজ বৰঠাকুৰ,পৰীক্ষাৰ নিয়ন্ত্ৰক ড অৰিঞ্জিত হাজৰিকাকে ধৰি বিশ্ববিদ্যালয় খনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়,শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ একাডেমী আৰু ডিব্ৰুগড় সাহিত্য সভাৰ হৈ যাদৱ গগৈয়ে নবনিযুক্ত উপাচাৰ্য ড হীৰেন্দ্ৰ নাথ শৰ্মাক উষ্ম আদৰণি জনোৱা লগতে তেখেতৰ কাৰ্যকালত উজনি অসমৰ ৰাইজৰ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা মায়ামৰা ধৰ্মৰ প্ৰৱৰ্তক তথা সাহিত্যিক সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ নামত প্ৰতিষ্ঠা হোৱা উচ্চ শিক্ষানুষ্ঠান খনে পূৰ্ণ মৰ্য্যদা লাভ কৰাত গুৰুতবপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা ব্যক্ত কৰে।এই শুভেচ্ছা গ্ৰহণ কৰি উপাচাৰ্য গৰাকীয়ে সমাজৰ প্ৰতিগৰাকী লোকৰ সহায় সহযোগ কামনা কৰা লগতে তেখেতে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰা লগতে নেতৃস্থানীয় লোকৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে ক্ৰীয়া বিশ্ববিদ্যালয় খন সম্পূৰ্ণ কৰিব বুলি ব্যক্ত কৰে।তদুপৰি উপাচাৰ্য্য গৰাকীয়ে নৱনিৰ্মিত বিশ্ববিদ্যালয় খনৰ দুৱাৰদলিত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ এটি বিশাল প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব বুলিও ব্যক্ত কৰে।এইক্ষেত্ৰত মায়ামৰা ধৰ্মীয় সমাজ তথা বিভিন্ন জন ব্যক্তি,দল সংগঠনৰ লগত এখন বৈঠকত মিলিত হৈ প্ৰতিমূৰ্তি সন্দৰ্ভত ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ অনুমোদনৰ বাবেও ব্যবস্থা গ্ৰহণ কৰিব বুলি কাৰ্য্যভাৰ গ্ৰহণ কৰি ঘোষনা কৰে।।উল্লেখযোগ্য যে পূৰ্বৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ

কেবিনেট মন্ত্ৰী তথা তেওঁৰে নিৰ্বাচিত হোৱা বৰ্তমান ডিব্ৰুগড় লোক সভা সমষ্টিৰ অন্তগৰ্ত চাবুৱা বিধান সভা সমষ্টিৰ দিনজয় পানীএৰা গাওঁত ইতিমধ্যে ভূমি আবণ্টন হোৱা পাছতো চাৰি সীমা,গৃহ নিৰ্মাণ আদি একো কামেই নহল।স্থায়ী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰা পাছত পংকজ বৰঠাকুৰে দিনে নিশাই আচাৰ্য তথা ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্য,মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা,প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,ডিব্ৰুগড় জিলা অন্তগৰ্ত বিধান সভা সমষ্টিৰ প্ৰায় কেইজন বিধায়কৰ সৈতে সঘন যোগাযোগত থাকি বৰ্তমান বিশ্ববিদ্যালয় খনৰ কামৰ কিঞ্চিত অগ্ৰগতি লাভ কৰিছে যদিও বিশেষ একো কামৰ উন্নয়ন সাধন হোৱা নাই।বৰ্তমান বিশ্ববিদ্যালয় খনত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ প্ৰায় সাতখন ৰাজ্যৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে।ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ত অস্থায়ী হিচাপে একেবাৰে সীমিত অধ্যাপক অধ্যাপিকা,গৱেষক,উপযুক্ত কৰ্মচাৰী অবিহনেই বিশ্ববিদ্যালয় খনৰ শিক্ষা প্ৰদান কাৰ্য চলি আছে।পূৰ্বৰ স্থায়ী উপাচাৰ্য্য গৰাকী কাৰ্যকাল অন্ত পৰাত যোৱা ১৯ নৱেম্বৰত শিক্ষাবিদ,বিজ্ঞানী ড হীৰেন্দ্ৰ নাথ শৰ্মাক দ্বিতীয় গৰাকী স্থায়ী উপাচাৰ্য হিচাপে নিযুক্তি প্ৰদান কৰাত বিশ্ববিদ্যালয় খনে বিশেষ অগ্ৰগতি লাভ কৰিব বুলি সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে।ৰাজ্যপাল তথা বিশ্বিদ্যালয়খনৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিশ্ববিদ্যালয় খনৰ নিৰ্মাণ আৰু নিযুক্তিকে ধৰি অন্যান্য বিষয় সমূহ অতি ক্ষিপ্ৰতাৰে সম্পন্ন কৰি দেশৰ ভিতৰতে এখন উন্নতমানৰ ক্ৰীয়া বিশ্ববিদ্যালয় ৰূপে গঢ়ি তোলাৰ বাবে যাৱতীয় পদক্ষেপ নিজে সন্মুখত থাকি নেতৃত্ব প্ৰদান কৰিব আৰু সেয়ে প্ৰতি মাহত বিশ্ববিদ্যালয়খনৰ কাম কাজৰ অগ্ৰগতি সম্পৰ্কে ৰাজভৱনত পৰ্য্যালোচনা বৈঠকৰ বাবে নিৰ্দেশনা জাৰি কৰা কাৰ্যই এইবাৰ বিশ্ববিদ্যালয় খনে কিবা এটা সুফল পোৱাটো নিশ্চিত বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।