...
Spread the love

পৰকীয়া প্ৰেমৰ বাবেই হত্যা কৰিছিল নেকি ৰাজাক !

হত্যাকাৰী ৰাজ কুশৱাহাৰ সৈতে সোনমৰ সম্পক কি ?

কোন এই ৰাজ কুশৱাহা ?

সোনমৰ পিতৃৰ এটা মাইকাৰ কাৰখানাত, আগতে ৰাজ কুশৱাহাই মানৱ সম্পদ বিভাগৰ মেনেজাৰ হিচাপে কাম কৰিছিল

চাইন অন ডেস্কঃ

ললিতপুৰ,উত্তৰ প্ৰদেশঃ মধ্যপ্ৰদেশৰ ইন্দোৰৰ নৱবিবাহিত দম্পতীৰ প্ৰথমে শ্বিলঙত নিৰুদ্দেশ আৰু তাৰ পাছত স্বামী ৰাজা ৰঘুবংশীৰ ৰহস্যজনক হত্যাকাণ্ডক লৈ প্ৰতি মূহূৰ্তত পোহৰলৈ আহিছে ন ন তথ্য।শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিটা অভিযুক্ত প্ৰকৃততে মধ্যপ্ৰদেশৰ ইন্দোৰৰ বাসিন্দা।
ইয়াৰে এজন অভিযুক্ত আকাশ ৰাজপুতক দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ ললিতপুৰৰ পৰা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আনহাতে, ৰাজ কুশৱাহা আৰু আন এজনক ইন্দোৰৰ পৰা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইফালে উত্তৰ প্ৰদেশৰ গাজীপুৰত আত্মসমৰ্পণ কৰে ৰাজা ৰঘুবংশীৰ পত্নী সোনমে।
ললিতপুৰৰ আৰক্ষী অধীক্ষক মহম্মদ মুস্তাকে জনোৱা মতে, শ্বিলং আৰক্ষীয়ে ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত ললিতপুৰৰ পৰা আকাশ ৰাজপুতক গ্ৰেপ্তাৰ কৰে।চাৰিখন খন বাহনত আহিছিল শ্বিলং আৰক্ষী।এই ঘটনাৰে জড়িত থকাৰ সন্দেহত আন ২ অভিযুক্তক ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
কোৱা হৈছে যে তিনিওজন একেটা পৰিয়ালৰ আৰু তেওঁলোক ইন্দোৰত বাস কৰিছিল।তেওঁলোকে কিয় আৰু কাৰ নিৰ্দেশত ৰাজা ৰঘুবংশীক হত্যা কৰিলে সেই সম্পৰ্কে বৰ্তমান একো ক’ব পৰা হোৱা নাই।এই কথা শ্বিলং আৰক্ষীৰ জেৰাৰ অন্ততহে পোহৰলৈ আহিব।
একে সময়তে ৰাজা ৰঘুবংশীৰ ভাতৃ বিপুল ৰঘুবংশীয়ে সংবাদ সংস্থা এ এন আইক জনাইছে যে হত্যাকাণ্ডৰ গোচৰত ৰাজ কুশৱাহাৰ নাম পোহৰলৈ আহিছে।অৰ্থাৎ হত্যাকাণ্ডত সোনমৰ হাত থাকিব পাৰে।ৰাজ কুশৱাহা আছিল সোনমৰ পাৰিবাৰিক ব্যৱসায়ৰ কৰ্মচাৰী। তেওঁলোকে অবিৰতভাৱে ফোনত কথা পাতিছিল।যেতিয়া তেওঁলোকৰ বিবাহ ঠিক হ’ল, তেতিয়া দুয়ো সুখী আছিল।
বিপুলে কয়, “আমি কেতিয়াও ভবা নাছিলো যে সোনমে এনেকুৱা কিবা এটা কৰিব। মেঘালয় চৰকাৰে মিছা কথা কোৱা নাই।মই এতিয়ালৈকে ৰাজ কুশৱাহাক দেখা নাই, মাত্ৰ তেওঁৰ নাম শুনিছো।ইয়াৰ লগত সোনমো জড়িত হ’ব পাৰে।মা কামাখ্যা মন্দিৰত পূজা কৰিবলৈহে তেওঁলোক অসমলৈ গৈছিল।ইয়াৰ পিছত তেওঁলোক শ্বিলঙলৈ গ’ল।দুয়োৰে ভিতৰত কোনে মেঘালয় ভ্ৰমণৰ পৰিকল্পনা কৰিছিল আমি নাজানো।তেওঁলোকে ঘূৰি অহাৰ টিকট বুকিং কৰা নাছিল ৷”
জানিব পৰা অনুসৰি সোনমৰ পিতৃৰ এটা মাইকাৰ কাৰখানা আছে, য’ত আগতে ৰাজ কুশৱাহাই মানৱ সম্পদ বিভাগৰ মেনেজাৰ হিচাপে কাম কৰিছিল।সোনমো একেটা কাৰখানাতে মানৱ সম্পদ বিভাগত আছিল।বিয়াৰ আগে আগে ৰাজ কুশৱাহাৰ লগত সোনমৰ প্ৰেমৰ সম্পৰ্ক আছিল।
এনে পৰিস্থিতিত এই প্ৰেমৰ বাবে সোনমে ৰাজা ৰঘুবংশীক হত্যা কৰিবলৈ পেছাদাৰী ঘাতকক নিয়োগ কৰিছিল বুলি জল্পনা-কল্পনা কৰা হৈছে। সোনমৰ পিতৃ দেৱী সিং ৰঘুবংশীয়ে কয় যে এই ঘটনাৰ দুদিন আগলৈকে ৰাজে কাৰখানাটোত কাম কৰি আছিল।
সোনমৰ মাতৃ সংগীতাই কয় যে তেওঁৰ কন্যাক বিচাৰি পোৱাত তেওঁ সন্তুষ্ট।কিন্তু তেওঁৰ হৃদয়ত এতিয়াও বিষ অনুভৱ কৰিছে। “এতিয়া আমি জানিব বিচাৰো ৰাজাৰ হত্যাৰ আঁৰত কোন আছিল।ছোৱালীজনী ঘূৰি আহিছে, কিন্তু আমি ৰাজাক হেৰুৱাইছো।” মাতৃ সংগীতাই কয়।
ইপিনে ৰাজাৰ হত্যাকাণ্ডত সোনম জড়িত বুলি মেঘালয় আৰক্ষীয়ে কৰা দাবী মানি ল’ব খোজা নাই সোনমৰ পিতৃয়ে৷ তেওঁ কয় ‘‘শ্বিলং আৰক্ষীৰ কাহিনী ভুল।চি বি আয়ে এই গোচৰৰ তদন্ত কৰিব লাগে। শ্বিলং আৰক্ষীয়ে সোনমক ফ্ৰেম কৰি আছে।আৰক্ষীৰ সমান্তৰালকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও মিছা কথা কৈছে।’’
ঘটনাই পৰৱৰ্তী সময়ত কি ৰূপ লয়,সেয়া সময়তহে প্ৰকাশ পাব।

Leave a Reply

Your email address will not be published. Required fields are marked *