ডিব্ৰুগড়ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত
“মানসিক স্বাস্থ্য আৰু পৰিপুষ্টি” ৰ সম্পৰ্কে সজাগতা সভা
চাইন অন ডেস্ক:
মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মিছন শক্তি আঁচনিৰ অধীনত জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত মাইজান চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু মোকালবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি কিশোৰ- কিশোৰী সকলৰ মাজত “মানসিক স্বাস্থ্য আৰু পৰিপুষ্টি” ৰ সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়।
দুয়োখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীদ্বয়ে উক্ত সভাৰ আদৰণি ভাষণ আগবঢ়ায়।
আজিৰ এই সভা দুখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক প্ৰয়াসী কাশ্যপে কিশোৰ- কিশোৰী সকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ল’ব লগা সাৱধানতা আৰু ইয়াৰ বিভিন্ন লক্ষণ সমূহৰ ওপৰত মতামত আগবঢ়ায়। চিকিৎসা মহাবিদ্যালয় খনৰ সামাজিক অন্বেষক কিৰণ ৰাজকুমাৰীয়ে কিশোৰ -কিশোৰী সকলৰ মানসিক স্বাস্থ্য, ইয়াৰ বিকাশ আৰু এই বয়সত ল’ব লগা স্বাস্থ্যৰ যত্ন আৰু পৰিপুষ্টিৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে লগতে সমল ব্যক্তিদ্বয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময়ো কৰে।