ডিব্ৰুগড় বিশ্ববিদ্যালয়ত Assimilation Week 2025 ৰ সামৰণী অনুষ্ঠান
“এন্টি-ৰেগিং সপ্তাহ” পালন
চাইন অন ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা সপ্তাহজোৰা এচিমিলেশ্যন উইক ২০২৫ (Assimilation Week 2025) ৰ সামৰণী অনুষ্ঠান বুধবাৰে ৰংঘৰ প্ৰেক্ষাগৃহত সম্পন্ন হয়।বিশ্ববিদ্যালয় অনুদান আয়োগে প্ৰতিবছৰে ১২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ “এন্টি-ৰেগিং সপ্তাহ” পালনৰ বাবে নিৰ্দেশনা অনুসৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে নতুন শিক্ষাৰ্থীসকলৰ বাবে নিৰাপদ, অন্তর্ভুক্তিমূলক আৰু ৰেগিংমুক্ত এক শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে অনুষ্ঠানটো অনুষ্ঠিত হয়।
এই অনুষ্ঠানৰ উদ্দেশ্য শিক্ষাৰ্থীসকলক ৰেগিঙৰ অপকাৰিতা সম্পৰ্কে সচেতন কৰা, পৰস্পৰৰ প্ৰতি সন্মানৰ সংস্কৃতি বিকাশ ঘটোৱা আৰু বিশ্ববিদ্যালয় পৰিয়ালৰ সৈতে নতুন শিক্ষাৰ্থীসকলক সম্পৃক্ত কৰা। অনুষ্ঠানটোত জ্ঞানবর্ধক ভাষণ, বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান আৰু বিশ্ববিদ্যালয়ৰ পাঁচবছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ অধীনত নতুনকৈ ভৰ্তি হোৱা শিক্ষাৰ্থীসকলৰ অভিভাৱকৰো সন্মিলনৰো অনুষ্ঠিত হয়। সপ্তাহযোৰা এই Assimilation weekত বিশ্ববিদ্যালয়ৰ Anti Ragging Squad কমিটিৰ বিষয়ববীয়াসকলে বিভিন্ন বিভাগ আৰু হোষ্টেলসমূহ পৰিদৰ্শন কৰাৰ লগতে বাটৰ নাট, বক্তৃতানুষ্ঠান, ফটোগ্ৰাফী আৰু চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।
সামৰণি অনুষ্ঠান বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হয়। আদৰণী ভাষণ প্ৰদান কৰে ছাত্ৰ পৰিক্ৰমা বিভাগৰ গুৰু প্ৰাধ্যাপক সুৰজিত বৰকটকীয়ে। তেওঁ আদৰণি জনাই শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশ, সক্ৰিয় অংশীদাৰিত্ব আৰু অভিভাৱকসকলৰ সহযোগিতাৰ গুৰুত্ব ওপৰত আলোকপাত কৰে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই বিশ্ববিদ্যালয়ৰ শৈক্ষিক উৎকৰ্ষ আৰু আভ্যন্তৰীণ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিক্ষা কেৱল পাঠ্যক্ৰমৰ অগ্ৰগতি নহয়, বৰঞ্চ দায়িত্ববান, সহানুভূতিশীল আৰু সমাজসচেতন নাগৰিক গঢ়ি তোলাৰ এক শক্তিশালী হাথিয়াৰ। সেয়েহে, শিক্ষাৰ আচল উদ্দেশ্য হ’ল মূল্যবোধৰ বিকাশ, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে সমাজৰ গঠনমূলক সদস্য হিচাপে পৰিগণিত হ’ব পাৰে। তেওঁ অভিভাৱকসকলক এই লক্ষ্য পূৰণত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা লগতে বিশ্ববিদ্যালয় পৰিয়ালৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু প্ৰতিভাৰ উপস্থাপন কৰে।
পঞ্জীয়ক ড° পৰমানন্দ সোণোৱালে বিশ্ববিদ্যালয়ৰ সাম্প্ৰতিক উন্নয়ন আৰু শিক্ষাৰ্থী-সুহৃদ পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰি কয় যে সমসাময়িক বিশ্বত টিকি থাকিবলৈ সমালোচনামূলক চিন্তা আৰু নৈতিক কাৰ্যক্ষমতা গঢ়ি তোলাত শিক্ষাৰ এক বিশেষ ভূমিকা আছে।কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ সহকাৰী অধ্যাপক ড° কৌশিক দাসে বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপ সামৰি এক সংক্ষিপ্ত প্ৰেজেন্টেশ্যন প্ৰদান কৰে, য’ত বিভিন্ন পৰিকল্পনা প্ৰতিফলিত কৰা হয়। ‘অভিভাৱকসকলৰ সৈতে মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় যত বিশ্ববিদ্যালয় আৰু অভিভাৱকসকলৰ মাজত বিভিন্ন বিষয় মুকলিকৈ আলোচনা হয়। “Assimilation Week ”ত বিভিন্ন প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসসমূহৰ মুখ্য অধীক্ষক ড° দিগন্ত ভূঞাই সকলোৰে প্ৰতি ধন্যবাদ আৰু শলাগ জ্ঞাপন কৰা অনুষ্ঠানটো ৰাষ্ট্ৰীয় সংগীতেৰে সামৰা হয়।