ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ প্ৰতিষ্ঠা দিৱস উদযাপন
চাইন অন ডেস্ক:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিবাসৰ ৫৪তম প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদ্যাপন কৰা হয়।প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ মূখ্য অধীক্ষক প্ৰাধ্যাপক ড° দিগন্ত ভূঞাই।
প্ৰতিষ্ঠা দিবসৰ অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকা, পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল,ছাত্ৰ পৰিক্ৰমাৰ গুৰু ড° সুৰজিত বৰকটকীকে প্ৰমুখ্যে কৰি বহুকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। ঐতিহ্যমণ্ডিত ছাত্ৰাবাসটোৰ তৰফৰ পৰা আদৰণী জনায় ক-খণ্ডৰ অধীক্ষক ড° অমৰ উপাধ্যায়ে। উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকাই ছাত্ৰ সমাজৰ শক্তি, সামৰ্থ, সময়ৰ আহ্বান, নিয়মানুৱৰ্ত্তীতা আৰু অধ্যৱসায়ৰ বিষয়ৰ লগতে সমাজৰ বিভিন্ন দিশৰ ওপৰত নিজৰ ভাষণত উল্লেখ কৰে।
প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানতে আৱাসটোৰ ক খণ্ডৰ অধীক্ষক ড° অমৰ উপাধ্যায়ক ৰাজ্যপালৰ উৎকৰ্ষতাৰ বঁটা লাভ কৰা বাবে বিশেষ সম্বৰ্ধনা জনোৱা লগতে আৱাসটোৰ পৰা সৰ্বভাৰতীয় নেট পৰীক্ষাত সুক্ষ্যাতিৰে উত্তীৰ্ণ হোৱা ছজন আৱাসীক অভিনন্দন জনোৱা হয়।গ-খণ্ডৰ অধীক্ষক ড° জিতু বড়াই শলাগ জনোৱা এই অনুষ্ঠানটো সন্ধিয়ালৈ ছাত্ৰ পৰিক্ৰমাৰ গুৰু ড° সুৰজিত বৰকটকীৰ উপৰিও বিভিন্ন আৱাস সমূহৰ অধীক্ষক, বিভিন্ন ছাত্ৰবাসৰ তত্ত্বাৱধায়কসকলৰ উপস্থিতিত ছাত্ৰাবাসৰ আবাসী সকলে সাস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে গীত,নৃত্য,গল্পকথা আদি বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়।
ছাত্ৰাবাসৰ খ-খণ্ডৰ অধীক্ষক ড° প্ৰাণজিত কলিতাই উপস্থিত সকলোৰে প্ৰতি ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটো সামৰা হয়।