...

৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ১,৯৬,৮৪৫

Spread the love

৮৮ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ১,৯৬,৮৪৫

 

ডিব্ৰুগড়ত অজাপৰ প্ৰাৰ্থীত্ব লাভ সমাজকৰ্মী মৈনাক পাত্ৰৰ
বিজেপিক উতখাত কৰিবলৈ হবনে সক্ষম ?

 

চাইন অন ডেস্ক:

অজাপৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ হোৱাত ডিব্ৰুগড়ত আনন্দৰ বন্যা বৈছে দলীয় কৰ্মী তথা বিষয়-ববীয়াৰ মাজত।
ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বাবে দলীয় প্ৰাৰ্থিত্ব লাভ কৰে সমাজকৰ্মী মৈনাক পাত্ৰই।পাত্ৰই টিকট লাভ কৰাৰ বাতৰিত তেওঁৰ
বাসগৃহৰ সমীপত ফটকা ফুটাই আনন্দ উল্লাস কৰে দলীয় কৰ্মী সকলে।ডিব্ৰুগড় সদৰ সমষ্টিত ১০০ শতাংশই জয় নিশ্চিত কৰিলে মৈনাক পাত্ৰই।তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিগত সময়চোৱাত বিজেপিৰ বিধায়ক গৰাকীয়ে সমষ্টিৰ উন্নয়নত যি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেয়াও কাৰ্যত পৰিলক্ষিত হোৱা নাই। নিয়ম মাফিক কাম-কাজ কৰি গৈছিল। যোৱা ২০ বছৰে সমষ্টিৰ গৰাখহনীয়া সমস্যা,কৃত্ৰিম বান সমস্যা,যানজঁটৰ সমস্যা,কৃষি সমস্যাক অগ্ৰাধিকাৰ দিয়া নহল বুলিও সজোৰে পাত্ৰই অভিযোগত উল্লেখ কৰে।অৱশ্যেই পাত্ৰই প্ৰাক্তন বিধায়ক গৰাকীৰ প্ৰচেষ্টা নকৰা নহয় বুলিও অকপট স্বীকাৰ কৰে।ইফালে শাসকীয় দল বিজেপিয়ে এই পৰ্যন্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা নাই।যদিও এসময়ৰ কংগ্ৰেছৰ দূৰ্গ খ্যাত ডিব্ৰুগড় সমষ্টিটো, যোৱা একুৰি বছৰে বিজেপিৰ দখলত থকাৰ পাছত কংগ্ৰেছ বা মিত্ৰযোট বাহিনীয়ে উদ্ধাৰ কৰিব পাৰিব নে? সেয়া হব লক্ষনীয়।

Leave a Reply

Your email address will not be published. Required fields are marked *