Skip to content ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ
শৰীৰত শেষ তোপাল তেজ থকালৈকে অসম,অসমীয়াৰ হৈ থাকিব:টাইপা
চাইন অন ডেস্ক:
আজাদ মাদানীৰ বিৰুদ্ধে ডিব্ৰুগড়ত টাই আহোম যুৱ পৰিষদৰ তীব্ৰ প্ৰতিবাদ।অসম আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত বিভিন্ন বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ তুলি আজি ডিব্ৰুগড়ত জমিয়ত উলেমা-ই-হিন্দৰ মুৰব্বী আজাদ মাদানীৰ প্ৰতিমূৰ্তি দাহ কৰে টাইপাই।ডিব্ৰুগড় মহানগৰৰ থানা চাৰিআলিত টাইপাৰ নেতা-কৰ্মীসকলে মাদানী হায়! হায়!, মাদানী গ’বে’ক ! মাদানীৰ কাম নাই ! মাদানী হুচিয়াৰ ! ইত্যাদি
বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

আজাদ মাদানীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক অপমানৰ কাৰ্য কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দি টাইপাৰ দীপজ্যোতি দুৱৰাই কয় যে অতি সম্প্ৰতি আজাদ মাদানী নামৰ ব্যক্তি গৰাকীৰ পৃষ্ঠপোষকতা গঢ় লৈ উঠা সংগঠনটোৱে অসমত যি বিষবাস্প বিয়পোৱাৰ চেষ্টাত নামিছে,তাক আমি কেতিয়াও হবলৈ দিয়া নহব।শৰীৰত শেষ তোপাল তেজ থকালৈকে অসম,অসমীয়াৰ হৈ থাকিব,এয়া আমাৰ শেষ কথা।মুঠৰ ওপৰত মাদানীৰ জমিয়ত উলেমা-ই-হিন্দৰ এনে মন্তব্যৰে অসমত যে অশান্তিৰ বীজ ৰোপিত কৰিব বিছাৰিছে,সেয়া স্পষ্ট ৰূপত প্ৰকাশ পাইছে।অসমত সকলো ভাষা,ধম্মীয় লোকে শান্তীৰে বসবাস কৰি আহিছে।সেয়া হিন্দু-মুছলমানেই হওক বা আন কিবা।কিন্তু বিদেশী,বিদেশীয়েই।তাক কোনো কাৰণতেই গ্ৰহণ কৰা নহব বুলি টাই আহোম যুৱ পৰিষদে ধিক্কাৰ দিয়ে।নেতা গৰাকীয়ে পুনৰাই কয় যে বিদেশী মূলৰ এক সংগঠনে অসমক বিভাজন কৰাৰ প্ৰচেষ্টা চলাব নোৱাৰিব।অসম, কোনো চৰণীয়া পথাৰ নহয়।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে বতমানলৈ চৰকাৰে যি উচ্ছেদ চলাইছে,সেয়া আদৰণীয় তথা প্ৰশংসাৰ পাত্ৰ।কিন্তু এই উচ্ছেদিত সন্দেহজনক লোক সকল কলৈ গৈছে, কি কৰিছে কিন্তু সেয়াও মুখ্যমন্ত্ৰীয়ে নজৰ ৰাখক।তেওঁলোকক বাংলাদেশলৈ পঠাইছে নে ? নে ডিটেনচন শিবিৰত ৰাখিছে,তাৰো এক স্পষ্ট বাৰ্ মুখ্যমন্ত্ৰীয়ে ৰাইজক দিব লাগে–টাইপাৰ দীপজ্যোতি দুৱৰাই এনেদৰেই ব্যক্ত কৰে।
প্ৰতিবাদস্থলীত টাইপাৰ যুৱ নেতা দ্বীপ দুৱৰাই কয় যে এই মাদানীয়ে ভাৰতৰ লগতে অসম আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীক মন্তব্যৰে যি আক্ৰমণ কৰিছে,সেয়া কেতিয়াও গ্ৰহণ যোগ্য নহয়।অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ ভাল কামৰ বাবে আমি সমৰ্থন জনোৱাৰ লগতেই অসম তথা ভাৰত বাসীয়েও সমৰ্থন জনাই আহিছে।সেয়ে এনে মন্তব্য কোনো কাৰণতেই সহ্য কৰা নহব বুলিও স্পষ্ট কৰি দিয়ে যুৱনেতা গৰাকীয়ে।