...

ডিব্ৰুগড়ৰ বাট পথৰ নিৰ্মাণ আধৰুৱা

Spread the love

ডিব্ৰুগড়ৰ বাট পথৰ নিৰ্মাণ আধৰুৱা

সদৌ ডিব্ৰুগড় ছাত্র সন্থাৰ তীব্ৰ প্ৰতিবাদ

দহ দিনৰ সময়সীমা !

 

চাইন অন ডেস্ক:

ডিব্ৰুগড়ৰ লোক নিৰ্মাণ বিভাগ আৰু পৌৰনিগমৰ অন্তর্গত বাট পথ সমূহৰ নিৰ্মাণৰ কাম আধৰুৱা কৰি ৰখাত সদৌ ডিব্ৰুগড় ছাত্র সন্থাই আজি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে। ডিব্রুগড চহৰৰ বিভিন্ন স্থানত বাট পথৰ কামবোৰত বিশৃংখলাৰ বাবে জনসাধাৰণ সমস্যাৰ সম্মুখীন হৈছে।
ডিব্ৰুগড় লোক নিৰ্মাণ বিভাগ আৰু পৌৰনিগমৰ অন্তর্গত পথ ঘাট নিৰ্মাণৰ কাম শেষ সমূহ আধৰুৱা কৰি ৰখাত বাটে-ঘাটে নলা সদৃশ পৰিবেশ সৃষ্টি হৈ পানী জমা হোৱাত যানবাহন চলাচলৰ লগতে জনসাধাৰণ দুৰ্ভোগ ভুগীব লগীয়া হৈছে।
নির্মীয়মান অৱস্থাত থকা পথ সমূহৰ লগতে নলাসমূহ নিৰ্মাণত আধৰুৱা হৈ আছে । ডিব্ৰুগড়ৰ কৃত্ৰিম বানপানীৰ কথা সৰ্বজনবিদিত। এবছৰ পূৰ্বে নিৰ্মাণ কৰা এই প্ৰকাণ্ড নলা সমূহ আধাতে এৰি থৈ দিয়া বাবে এজাক বৰষুণতে বাটপথ সমূহ কৃত্ৰিম বানপানীৰে ভৰি পৰে।ডিব্ৰুগড় ছাত্ৰ সন্থাৰ দলটোৱে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি অসম চৰকাৰ হায় হায়, পৌৰ নিগম হায় হায় আদি ধ্বনি দিয়ে লগতে আৰু কয় যে মুখ্যমন্ত্ৰীয়ে দ্বিতীয় ৰাজধানী ঘোষণা কৰাৰ পাছতো আজি পথৰ এই অৱস্থা।
গতিকে অহা দহ দিনৰ ভিতৰত ভগা পথ সমূহ মেৰামতি কৰি সম্পূৰ্ণ কৰি দিব নোৱাৰিলে পৰৱৰ্তী সময়ত জঙ্গী আন্দোলন গঢ়ি তোলা হব বুলি কয় আৰু ইয়াৰ বাবে দুয়োটা বিভাগক সকীয়নি প্ৰদান কৰে সদৌ ডিব্ৰুগড় ছাত্র সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *