আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ভজো ৰংছোৱাল চাংমাই গাঁৱত কৃষি প্রশিক্ষণ কর্মশালা
দুশ পুৰুষ মহিলাৰ অংশগ্ৰহণ
চাইন অন ডেস্ক:
বিগত ৬৫ সপ্তাহ ধৰি আকাশবাণী ডিব্ৰুগড় কেন্দ্রই বহনক্ষম, আত্মনির্ভব,স্বাৱলম্বী কৃষি ব্যৱস্থাপনাৰ লক্ষ্যৰে প্ৰযোজনা কৰি অহা ‘সুষমা বসুন্ধৰা’ শীর্ষক অনুষ্ঠানটোৰ উদ্যোগত আৰু চৰাইদেউ জিলা ভজো ৰংছোৱাল চাংমাই গাঁৱৰ কৃষক ৰাইজৰ সহযোগত আজিৰেপৰা (১৮ ফেব্রুৱাৰী) দুদিনীয়াকৈ কৃষি
প্রশিক্ষণ কর্মশালা আৰম্ভ হয়। এই উপলক্ষে শ্রীমন্ত শংকৰদেৱ সংঘ, বংছোৱাল চাংমাই গাঁৱৰ প্ৰাথমিক শাখা নামঘৰ প্ৰাংগণত অনুষ্ঠিত প্রথমদিনৰ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে প্রশিক্ষণ প্রদান কৰে শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী বিজ্ঞানী ড০ অৰুন্ধতী বৰদলৈ, বিজ্ঞানী ড০ প্রিয়ংকা দত্ত, বিজ্ঞানী ড০
বনশ্রী মেধিয়ে। কৃষি বিজ্ঞানী ড০ প্রিয়ংকা দত্তই স্থানীয় খেতিপথাৰত উপযোগীকৈ ধানৰ বীজ নির্বাচন, ভূমি ব্যবস্থাপনা আৰু বছৰ জুৰি কৰিবপৰা কৃষি কৰ্মৰ বিষয়ে আলোকপাত কৰে। বিজ্ঞানী ড০ অৰুন্ধতী বৰদলৈয়ে ঘৰুৱা পৰিবেশত কৃষকসকলে কৰিবপৰা কেচু সাৰ ব্যৱস্থাপনা, উৎপাদন আৰু ব্যৱসায়ৰ সম্ভাৱনা বিষয়ে প্রশিক্ষণ প্রদান কৰে, ড০ বনশ্রী মেধিয়ে মৌ মাখিৰ জাত নির্বাচন, প্রতিপালন, উৎপাদন আৰু ব্যৱস্থাপনা আদিৰ বিষয়ে বিস্তৃতভাৱে আলোকপাত কৰে। প্রশিক্ষণ কর্মশালাত অঞ্চলটোৰ মুঠ ২৬টা আত্মসহায়কগোটৰ প্রায় দুশ পুৰুষ মহিলাই পঞ্জীয়ন কৰি অংশগ্রহণ কৰে। পুৱাৰ ভাগত অনুষ্ঠিত হোৱা আৰম্ভণি অনুষ্ঠানত সভাপতিত্ব কৰে স্থানীয় শিক্ষাবিদ, সমাজ সেৱক বীৰেন চেতিয়াই। আদৰণি ভাষণ প্ৰদান কৰে ‘সুষমা বসুন্ধৰা’ৰ পঞ্জীভুক্ত সদস্য স্থানীয় গোবিন ৰাজখোৱাই। আকাশবাণী ডিব্রুগড় কেন্দ্ৰৰ ফালৰপৰা উদ্বোধনী ভাষণ প্রদান কৰে অনুষ্ঠান মুৰব্বী লোহিত ডেকাই। উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে অংশগ্রহণ কৰে চৰাইদেউ জিলাৰ কৃষি সম্প্ৰসাৰণ বিষয়া চানী গগৈ, সোণাৰিৰ নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰ, আকাশবাণীৰ সম্প্ৰসাৰণ কার্যবাহী জিন্টু চেতিয়া, লেখক পেইম থি গোহাঁয়ে। উল্লেখ্য যে, আকাশবাণী ডিব্ৰুগড় কেন্দ্রই ‘সুষমা বসুন্ধৰা’ৰ পঞ্জীভূক্ত সদস্যসকলৰ জৰিয়তে অসমৰ বিভিন্ন প্রান্তত পর্যায়ক্রমে প্রশিক্ষণ কর্মশালা আয়োজন কৰাৰ এলানি পৰিকল্পনা গ্রহণ কৰিছে। সমলব্যক্তিসকলৰ বক্তব্যসমূহ আকাশবাণীৰ বিভিন্ন অনুষ্ঠানৰ যোগেদিও সম্প্ৰচাৰৰ ব্যৱস্থা হ’ব বুলি কেন্দ্রটিৰ অনুষ্ঠান মুৰব্বীয়ে জানিবলৈ দিছে। দ্বিতীয় দিনৰ কাৰ্যসূচীত পশুপালন, মীন পালন আৰু কাঠফুলাৰ
খেতি সম্পর্কে প্রশিক্ষণ প্রদান কৰা হ’ব। কার্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট কৃষি বিজ্ঞানী ড০ কৰুণাকান্ত শর্মাও উপস্থিত থাকিব। আবেলিলৈ সামৰণি অনুষ্ঠানত প্রশিক্ষার্থীসকললৈ মানপত্র প্রদান কৰা হ’ব।