বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ চিত্রাংকণ প্রতিযোগিতাৰ বিজয়ীক বঁটা প্রদান
মনজিৎ বৰাৰ গল্প সংকলন ‘বীৰা’ উন্মোচন
*চাইন অন ডেস্ক:*
চৰ্তুদশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত বৃহত্তৰ ডিব্ৰুগড় প্রেছ ক্লাৱৰ উদ্যোগত আয়োজিত সাংবাদিক হেৰম্ব বৰদলৈ, হৰিবিনোদ বার্মা, সঞ্জীর নন্দী আৰু আদিত্য শইকীয়া সোঁৱৰণী চিত্রাংকণ প্রতিযোগিতাৰ বঁটা প্রদান অনুষ্ঠান যোৱা ১৯ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাৰ এখনি গল্প সংকলন ‘বীৰা’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সু-চিকিৎসক, অসম আদিত্যব মুখ্য সম্পাদক ডাঃ নির্মল চাহেবালাই। গ্রন্থখন উন্মোচন কৰি তেওঁ কয়- মই এটা কথা ক’ব বিচাৰিছোঁ যে আধুনিক অসমীয়া গল্পত ‘বীৰা’ এখন উৎকৃষ্ট গ্রন্থ। যিকেইটা গল্প সন্নিবিষ্ট কৰা হৈছে তাত আধুনিক অসমীয়া গল্পৰ যিবোৰ চৰিত্র ‘যথার্থতা (ৰিয়েলিজ্যম), আৰবাইন লাইফ (চহৰীয়া জীবন) ‘ৰ কথাবোৰ বৰ সুন্দৰকৈ প্রকাশ পাইছে। আধুনিক গল্প আৰম্ভ হৈছে কুৰি শতিকাৰ মাজভাগৰ পৰা। আগৰ ভূতপ্রেতৰ গল্পবোৰে এতিয়া আমাক আকৰ্ষিত কৰিব পৰা নাই। মানুহে জীবনটোলৈ বেছি চোৱা হৈছে। যিকোনো বস্তু সেয়া গল্প সাহিত্য হওক বা কবিতা সাহিত্য হওক বা প্রবন্ধ সাহিত্য হওক প্ৰতিটোৱে কিন্তু মানুহৰ জীৱনটো প্রতিফলিত নকৰিলে আজিৰ দিনত সেই বস্তুটো মানুহে আঁকোৱালি নলয়। যিকোনো বস্তু এটা আমি লিখি দিলেই সি সাহিত্য হৈ যাব নোৱাৰে। সাহিত্য হ’বলৈ ভাষা সুন্দৰ হ’ব লাগিব, পৰিমার্জিত হ’ব লাগিব, পৌঢ় হ’ব লাগিব। সেই কথাখিনিয়ে
আমাৰ মন আৰু মগজুৰ ওপৰত প্ৰভাৱ পেলাব লাগিব। অর্থাৎ জীবনৰ সত্য থাকিব লাগিব। ‘বীৰা’ সন্দভত তেওঁ আৰু কয়- মুন্সি প্রেমচন্দে কৈছিল সাহিত্য হ’ল জীৱনৰ আলোচনী। মনজিতৰ যিকেইটা গল্প আছে তাত যি আমাৰ সমাজত ঘটি আছে, চহৰীয়া জীৱনৰ মধ্যবিত্ত মানুহৰ মাজত তেওঁলোকৰ দুখ-সুখ যিখিনি ঘটি আছে সেয়া অতি সুন্দৰভাৱে ইয়াত প্রতিফলিত হৈছে। আপোনালোকে গ্রন্থখন পঢ়িব। সঁচাকৈয়ে এখন সুন্দৰ গ্রন্থ মনজিতে লিখিছে। সাংবাদিক আৰু ডাক্তৰে বহুত কথা গম পাই। সাংবাদিকে বাতৰিৰ কাৰণে এইবিলাককে খুঁচৰি ফুৰে। ডাক্তৰৰ কি হয়? আপোনালোক আমাৰ ওচৰলৈ আহিলে আটাইতকৈ গোপন কথাবিলাকো আমাক কয়। গতিকে আমি মানৱ জীৱনৰ বহু ওচৰলৈ গুচি যাব পাৰোঁ। এই মানর জীৱন প্রতিফলিত কৰিব পৰা বহু লেখক ডাক্তৰ আৰু সাংবাদিক আছে। ঠিক তেনেকৈ মনজিতেও সাংঘাটিকধৰণে মানুহৰ মাজত গৈ যিসমূহ গল্প লিখিছে এয়া কাল্পনিক গল্প নহয়, তেওঁ অলপ বহন লগাইছে। বোধহয় তেওঁ সাংবাদিক হিচাপে কথাবিলাক গম পাইছে। সেই সত্য কথাবিলাক প্রভাবিত হৈ তেওঁ এই গল্পসমূহ বচনা কৰিছে। গতিকে এই গ্রন্থখনৰ বাবে মই মোৰ ভাতৃপ্রতিম মনজিৎ বৰাক অভিনন্দন জনাইছোঁ। মই আশা কৰোঁ তেওঁৰ নিজৰ অভিজ্ঞতাৰ পৰা যিখিনি পায় সেয়া সমাজৰ বাবে আগবঢ়াই লৈ যাব আৰু এনেকৈ নতুন নতুন গল্পসমূহ লিখি থাকিব। আপোলোকে এই গ্রন্থখন পঢ়িব। আধুনিক গল্পৰ ইতিহাসত এইখন এখন লেখত ল’বলগীয়া নৱতম সংযোজন বুলি মই ভাবো। আনহাতে, মনজিৎ বৰাৰ গল্প সংকলন ‘বীৰা’
সন্দৰ্ভত মিতভাষ স্রষ্টা ড’ নগেন শইকীয়াই কয় মনজিৎ বৰাৰ ‘বীৰা’ দেখাত সৰু। কিন্তু ‘বীৰা’ গুণেৰে সৈতে ভৰপূৰ।
কাৰণ ইয়াত এনেকুৱা এটা দিশ মনজিতে লৈছে যিটো দিশত এতিয়ালৈকে লিখা ওলোৱা বুলি মই নাজানো। গতিকে এই গ্রন্থখন দেখাত সৰু যদিও এই গ্রন্থখনিৰ এক বিশেষত্ব সেই কাৰণেই আছে যিবোৰ বিষয় আনে লোবা নাছিল। আমাৰ মনজিতে সেই বিষয়বোৰ বুটলি আনিছে। সেই কাৰণে তেওঁৰ কিতাপখনৰ বিশেষত্ব ইয়াৰ মাজেদি ফুটি উঠিছে। মই আশা কৰোঁ তেওঁ হাতৰ কলম সদায় চলি থাকিব। কেবল বাতৰি কাকতৰ কাৰণেই নহয় নিজৰ কাৰণেও আৰু সমাজৰ কাৰণেও। ইফালে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে আঁত ধৰা চিত্রাংকণ প্রতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানটিত আদৰণী ভাষণ প্রদান কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই। আজিৰ এই অনুষ্ঠানটি আনুষ্ঠানিকভাবে উদ্বোধন কৰি বিশিষ্ট সমাজসেৱক জ্যোতিপ্রসাদ কানৈয়ে উপস্থিত ছাত্র-ছাত্রীসকলক উদ্দেশ্যি বক্তব্য প্রদান কৰে। ইয়াৰ পিছতেই বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ কেলেণ্ডাৰ উন্মোচন কৰে অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই। তেওঁ ক্লাবৰ পদক্ষেপক প্রশংসাৰ কৰাৰ লগতে সাংবাদিকৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হীৰেন্দ্র নাথ শর্মা। তেওঁ ভাষণ প্রসংগত বৃহত্তৰ ডিব্ৰুগড় প্রেছ ক্লাবে জন্মলগ্নৰে পৰা সমাজৰ হিতৰ বাবে কৰি অহা কামক প্রশংসা কৰি বর্তমান অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ পৰিকাঠামোৰ ক্ষেত্ৰত সম্মুখীন হোৱা সমস্যাৰ বিষয়ে উপস্থাপন কৰি এই বার্তাক ৰাইজৰ আগলৈ লৈ যোৱাত সাংবাদিকসকলক সহায় কৰিবলৈ আহ্বান জনায়। আনহাতে, এই অনুষ্ঠানতে ভুৱন গগৈ পৰিচালনাত
সুৰসমলয়, ৰুবী সন্দিকৈৰ পৰিচালনাত নৃত্য আৰু জিতেন দাসৰ পৰিচালনাত কৰা বাঁহী বাদনে উপস্থিত দর্শকসকলক মন্ত্রমুগ্ধ কৰে। প্রয়াত সাংবাদিক হেৰম্ব বৰদলৈ, হৰি বিনোদ বার্মা, সঞ্জীৱ নন্দী আৰু আদিত্য শইকীয়াৰ সোঁৱৰণত আয়োজিত চিত্রাংকণ প্রতিযোগিতাৰ বিজয়ীসকলৰ লগতে নিচুকণি বঁটাপ্রাপ্তসকলক উপস্থিত অতিথিসকলে বঁটা প্রদান কৰে। আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে প্রয়াত চাৰিগৰাকী সাংবাদিকৰ প্ৰতিচ্ছবিৰ সম্মুখত বস্তি প্রজ্বলন আৰু পুষ্পাঞ্জলি অর্পণ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰা, কার্যকৰী সভাপতি ৰতন হাজৰিকা, উপ-সভাপতি বিভাস দুৱৰাৰ লগতে প্রয়াত সাংবাদিকৰ পৰিয়ালৰ লোকে। অনুষ্ঠানত মিলনজ্যোতি সংঘৰ সভাপতি অমিয় হাজৰিকা, সাধাৰণ সম্পাদক নিৰোদ দত্ত, ডিব্ৰুগড়ৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° মানসী গগৈ বৰগোহাঁই, মুম্বাই অসম ভৱনৰ অভিযন্তা ত্রিনয়ন সন্দিকৈ, জ্যেষ্ঠ সাংবাদিক ললিত শর্মা, অনিল পোদ্দাৰ, সমাজকর্মী উজ্জ্বল কাশ্যপৰ লগতে প্রয়াত সাংবাদিকৰ পৰিয়ালবৰ্গৰ হৈ গীতা নন্দী, শ্রীমন্ত বৰদলৈ, পংকজ বার্মা আৰু বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি, শতাধিক ছাত্র-ছাত্রী, গ্রন্থপ্রেমী উপস্থিত থাকে।