উজনি অসমত এইবাৰ ৰাজ-মিস্ত্ৰীৰ ৰূপত মিঞা চোৰ
ডিব্ৰুগড় শ্মশানপাৰাত হাতে-লোটে ধৰা পৰিল দুই মিঞা ৰাজ-মিস্ত্ৰী
সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ আৰ্জি ছাত্ৰ সন্থাৰ
চাইন অন ডেস্ক:
অবৈধ নাগৰিক আৰু বাংলাদেশীয়ে উজনিৰ প্ৰতিটো অঞ্চলত খোপনি পোতাৰ সমান্তৰালকৈ বিভিন্ন অসামাজিক কাৰ্যত নিমজ্জিত হোৱাৰ বহু তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে।সন্দেহযুক্ত নাগৰিকৰ লগতেই বিভিন্ন কামত নিয়োজিত এই সকলৰ দুজন পকা মিস্ত্ৰীৰ কাম-কাজত জৰিত হোৱাৰ বেশৰে ডিব্ৰুগড় মহানগৰৰ শ্মশানপাৰা অঞ্চলত এক ভয়ানক চুৰিকাণ্ড সংঘটিত কৰা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা অনুসৰি গৃহস্থৰ অনুপস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি চুৰি কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল দুই পকা-মিস্ত্ৰী।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ পৰা ৰাজ-মিস্ত্ৰীৰ কামৰ বাবে ডিব্ৰুগড়লৈ আহিছিল কেইজনমান শ্রমিক। অসীম পাল নামৰ এজন ঠিকাদাৰে কামৰ সুবিধাৰ্থে তেওঁলোকক শ্মশানপাৰা অঞ্চললৈ আনিছিল।আৰু অভিযোগ অনুসৰি সেইসকল শ্ৰমিকৰ মাজৰে ৰমিজ আলী আৰু আশ্ৰাফুল আলী নামৰ দুই ৰাজ-মিস্ত্ৰীয়ে গৃহস্থৰ অনুপস্থিতিৰ সুযোগ লৈ চোৰাংকৈ ঘৰত প্ৰৱেশ কৰে।কিন্তু চুৰি কৰি থকা অৱস্থাতে স্থানীয় ৰাইজৰ সন্দেহ হোৱাত দুয়োজনকে হাতে-লোটে ধৰা পেলাই হাতত আৰু ভৰিত ৰচিৰে পকাই গছত বান্ধি ৰাখে।
পিছত ক্ষুব্ধ ৰাইজে আৰক্ষীক খবৰ দি অভিযুক্ত দুজনক আৰক্ষীৰ হাতত অৰ্পণ কৰে।জানিব পৰা অনুসৰি ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে দুয়োকে আটক কৰি থানালৈ লৈ যায়।বৰ্তমানে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত জোৰদাৰ অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ সৈতে আন ব্যক্তি জড়িত আছে নে নাই সেই বিষয়েও অনুসন্ধান আৰম্ভ কৰিছে।আনহাতে স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, অঞ্চলটোত বহিঃজিলাৰ পৰা অহা শ্রমিকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।যাৰ ফলত এনে ঘটনাৰ আশংকাও সাধাৰণ লোকৰ মাজত বৃদ্ধি হৈছে।লগতে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত গভীৰ শংকাৰ স্বৃষ্টি হৈছে।
উল্লেখ্য যে দুদিনমানৰ পূৰ্বেই ডিব্ৰুগড়ৰ ছাত্ৰ সন্থাই এক সংবাদমেল সম্বোধন কৰি ডিব্ৰুগড়ত ব্যাপক হাৰত সন্দেহযুক্ত নাগৰিকৰ বসবাস, চলন ফুৰণ আদিৰ বিষয়েও জিলা প্ৰশাসন আৰু ডিব্ৰুগড়ৰ অনান্য সচেতন নাগৰিকক অৱগত কৰিছিল। ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ লগতেই কিছু পাৰ্শ্ব ৱৰ্তী অঞ্চলত কিছু বিশেষ লোকে সংস্থাপন বা আৱাস দিয়াৰ ক্ষেত্ৰত বিশেষ আগভাগ লোৱাৰ বিষয়েও চৰ্চা অব্যাহত আছে।যদিও এইক্ষেত্ৰত প্ৰশাসনে বিহিত ব্যবস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। প্ৰায় দুই দশকৰ পূৰ্বে সমগ্ৰ ডিব্ৰুগড়ত এনেধৰণৰ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে স্থানীয় একাংশ সচেতন নাগৰিক সৰব হৈ পৰিছিল আৰু তেতিয়াই ডিব্ৰুগড়ৰ পৰা বহুত সন্দেহযুক্ত নাগৰিকে নিশাৰ ভিতৰতেই পলায়ন কৰিবলৈ বাধ্য হৈছিল।