...

ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কবিতা ডেকা সৈতে মত- বিনিময় শিক্ষক সন্থাৰ

Spread the love

ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কবিতা ডেকা সৈতে মত- বিনিময় শিক্ষক সন্থাৰ

 

চাইন অন ডেস্ক:

ডিব্ৰুগড় জিলাৰ শিক্ষা বিভাগৰ পৰিদৰ্শক হিচাপে দায়িত্ব গ্ৰহন কৰা কবিতা ডেকা (এ ই এচ)সৈতে মত- বিনিময় কৰে জিলাখনৰ কেইবাটাও শিক্ষক সংগঠনে। বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই আনুষ্ঠানিক মত- বিনিময়ত শিক্ষ সন্থাৰ তৰফৰ পৰা ফুলাম গামোছা, বিভিন্ন উপহাৰে পৰিদৰ্শক ডেকাক আদৰণি জনোৱা হয়। ইয়াৰ পিছতে সকলোৰে উপস্থিতিত পৰিদৰ্শক কবিতা ডেকাই কয় যে-বিদ্যালয়ত শিশু স্বাস্থ্য মানে হ’ল বিদ্যালয়ৰ পৰিবেশত শিশুৰ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতা নিশ্চিত কৰা। ইয়াৰ বাবে স্বাস্থ্যসন্মত আহাৰ, বিশুদ্ধ খোৱাপানী, পৰিষ্কাৰ শৌচাগাৰ, আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা অপৰিহাৰ্য। সুস্থ পৰিবেশে শিশুৰ ৰোগ প্ৰতিৰোধ, সুস্থ অভ্যাস গঠন আৰু শিক্ষাৰ মানদণ্ড উন্নত কৰাত সহায় কৰে। বিদ্যালয়ত শিশু স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে
স্বাস্থ্যসন্মত পৰিবেশ। শ্ৰেণীকোঠা আৰু চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখা, আৰু পৰ্যাপ্ত বায়ু চলাচলৰ ব্যৱস্থা থকা। পুষ্টি আৰু আহাৰ বিদ্যালয়ত সুষম আহাৰ যেনে মধ্যাহ্ন ভোজন প্ৰদান কৰা, যিয়ে ছাত্ৰ-ছাত্ৰীৰ বৃদ্ধি আৰু বিকাশ ঘটায়।
স্বাস্থ্য শিক্ষা: হাত ধোৱা, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৰু সংক্রামক ৰোগৰ প্ৰতিৰোধৰ বাবে সচেতনতা বৃদ্ধি।
স্বাস্থ্য সেৱা: চকু, কাণ আৰু দাঁতৰ নিয়মীয়া পৰীক্ষা, আৰু জৰুৰীকালীন স্বাস্থ্য পৰিকল্পনা মানসিক স্বাস্থ্য: শিশুৰ মানসিক চাপ কমাবলৈ যোগ, পৰামৰ্শ আৰু অনুকূল সামাজিক পৰিবেশ সৃষ্টি।
সক্ৰিয়তা: শাৰীৰিক ব্যায়াম আৰু খেল-ধেমালিৰ অভ্যাস গঢ়ি তোলা ইত্যাদিৰ ওপৰত সৰ্তক হবলৈ আহ্বান জনায়।লগতে বিদ্যালয়ৰ শৈক্ষিক দিশৰ অগ্ৰগতিৰ সন্দৰ্ভতো আলোচনাত বিশেষ ঠাই পায়। বিদ্যালয়ৰ দুৰ্বল ছাত্ৰ-ছাত্ৰী সকলক নিৰ্বাচন কৰি তেওঁলোকৰ বাবে কিছু সময় আছুতীয়াকৈ পাঠদানৰ ব্যৱস্থাৰ কৰা, শিক্ষক সকলৰ দিনলিপি , ছাত্ৰ-ছাত্ৰীৰ কাৰ্যপত্ৰ, হলিষ্ট্ৰীক ৰিপৰ্ট কাৰ্ড, টি এল এম , ডিজিটেল পাঠ দান ইত্যাদিত প্ৰধান শিক্ষকৰ কৰণীয়, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী কৰণীয় কাৰ্যসমূহ সক্ষ্মভাবে নিৰীক্ষণ পৰামৰ্শ প্ৰদান কৰি ছাত্র-ছাত্ৰীৰ পঠন দক্ষতাৰ দুৰ্বল দিশসমূহ উন্মোচন কৰি শিক্ষকসকলৰ দ্বাৰাই সেই সমস্যা সমূহৰ দূৰকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা, শিক্ষাৰ অধিকা আইনৰ অধীনত সকলো ছাত্ৰ-ছাত্ৰীয়ে সম অধিক, সম মৰ্যদা, উপযুক্ত শিক্ষা লাভ কৰাটো মৌলিদ অধিকাৰ । এই আইন অনুসৰি প্ৰতি সপ্তাহতে এগৰাকী শিক্ষকে অন্ততঃ ৪৫ ঘণ্টা পাঠদান কৰিব লাগিব। লগতে শিক্ষকসকলে পাঠদানৰ পৰিকল্পনা প্ৰস্তুত, পঠন আৰু শিকন সামগ্ৰী প্ৰস্তুত, মূল্যাংকণ, বিদ্যালয় উন্নয়ন পৰিকল্পনা প্ৰস্তুত আৰু সময়ে সময়ে অভিভাৱকসকলৰ সৈতে আলোচনা আদি কৰিব লাগিব । অভিভাৱক সভা কেৱল বিদ্যালয়তে নহয় কেতিয়াবা চুবুৰীয়াৰ চোতালতো অভিভাৱকৰ সভা অনুষ্ঠিত কৰা ইত্যাদিৰ লগতে এই শিক্ষা অধিকাৰ পৰা কোনো ছাত্ৰ-ছাত্ৰী যাতে বাদ নপৰে তাৰ প্ৰতি বিশেষ সতৰ্ক হবলৈ পৰিদৰ্শক ডেকাই উপস্থিত সকলোকে আহ্বান জনায়। আলোচনা মাজতে শিক্ষকৰ আবেদনৰ ভিত্তিত কেইবাটিও সমস্যাৰ সমাধাৰ বাবে পৰৱৰ্তী সময়ত ব্যাস্থা গ্ৰহণৰ কৰিব বুলিও মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে – আজি আলোচনাত বিশেষকৈ ডিব্ৰুগড় জিলা মধ্য ইংৰাজী শিক্ষক সন্থাৰ উপ- সভাপতি জগত চন্দ্ৰ কোঁচ, সম্পাদক তৰ্পন সোনোৱাল, সহ:সম্পাদক প্ৰনৱ ফুকন, সদস্য তথা জিলা কৰ্মচাৰী সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক চন্দন ফুকন, সদস্য কৈলাশ দত্ত, অসম হাইস্কুল শিক্ষক সন্থাৰ জিলা সভাপতি মোহনলাল উপাধ্যায়, সহ: সম্পাদক মন্টু গগৈ, সদস্য কলোৱা লামা , ৰাজ্যিক সমিতিৰ সহ:সম্পাদক প্ৰসন্ন বৰুৱা, মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি উদয় শংকৰ গগৈ, সম্পাদক জগত হাতীমূৰীয়া, সদস্য ৰাজীৱ গগৈ, যোগেশ শেনচোৱা, যদুঢ়ণি মহন, উপদেষ্টা টংকেশ্বৰ গগৈ, ৰাজ্যিক সদস্য ৰূপজ্যোতি কোৱঁৰ আৰু পৰিদৰ্শন কাৰ্যালয়ৰ আঁচনি বিষয়া প্ৰদীপ গোহাঁই আদি উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *