ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড
ভিডিঅ’ সাংবাদিক ইফটিকাৰ হুছেইনৰ বাসগৃহ ভষ্মিভুত
চাইন অন ডেস্ক:
ডিব্ৰুগড় মহানগৰৰ গ্ৰেহেম বজাৰ তিনিকোণীয়াত আজি দুপৰীয়া প্ৰায় ১২.৩০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।উক্ত অগ্নিকাণ্ডত সম্পূৰ্ণৰূপত জাহ গল ডিৱাই ৩৬৫ ৰ ভিডিঅ’ সাংবাদিক ইফটিকাৰ হুছেইনৰ বাসগৃহ।বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।মাত্ৰ ১৫ মিনিটৰ ভিতৰতেই বাসগৃহৰ সকলো বয়-বস্ত,সা-সম্পত্তি ভয়ংকৰ অগ্নিকাণ্ডত চকুৰ পলকতে ছাইত পৰিনত হয়।আনহাতে এটা গেছৰ চিলিণ্ডাৰৰ বিস্ফোৰণে জুই তীব্ৰতৰ কৰি তোলে যদিও কাষৰ ঘৰলৈ সম্প্ৰসাৰণ নহল।ফলত এক বিৰ্স্তিণ অঞ্চল ভয়াৱহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল। ইফালে তিনি কোঠালীযুক্ত গৃহৰ এপদো সামগ্ৰী উদ্ধাৰ কৰিব পৰা নগল।ঘন বসতিপূৰ্ণ এলেকাত থকাৰ বাবেই ঘটনা স্থলীত অগ্নি নিবাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰাৰ পূৰ্বে স্থানীয় লোকৰ প্ৰচেষ্টাত কিছু পৰিমাণে শাম কাটে।দিনৰ প্ৰায় চাৰে বাৰ বজাত সংঘটিত এই অগ্নিকাণ্ডত সংবাদ কৰ্মী জনৰ গৃহটো সম্পূৰ্ণ ৰূপে ভষ্মিভুত হোৱাৰ লগতে অগ্নিকাণ্ডত প্ৰায় ২৫ লক্ষাধিক টকাৰ সা সম্পত্তি ভষ্মিভুত হয় বুলিও জানিব পৰা গৈছে।বিশেষকৈ Dy 365 চেনেলৰ লাইভ বেগ পেক(BP) Dy 365 ৰ কেমেৰা। ইফতিকাৰৰ নিজা কেমেৰা আৰু সাংবাদিক ৰাতুল গোহাঁইৰ নিজা কেমেৰা (Penasonic 100PV) সম্পূৰ্ণ ৰূপে জ্বলি চাই হৈ যায়।অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱা নাই।অগ্নিকাণ্ডৰ খবৰ পাই অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ সৈকত পাত্ৰ আহি পৰিস্থিতিৰ বুজ লৈ সহায়-সহযোগৰ আস্বাস প্ৰদান কৰে।