...

পুখুৰীত পিছলি ৬০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক

Spread the love

পুখুৰীত পিছলি ৬০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক
সুৰেন গগৈৰ মৃত্যু

চাইন অন ডেস্ক:
ডিব্ৰুগড়ৰ বকপৰা মাজগাঁৱত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। আজি পুখুৰীত পিছলি পৰি সলিল সমাধি হয় ৬০ উৰ্দ্ধৰ সুৰেন গগৈ নামৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ। ঘটনাস্থলীত গাভৰু পথাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ কৰে ব‍্যক্তি জনৰ মৃতদেহটো। উল্লেখযোগ্য যে ব‍্যক্তি জনে ঘৰৰ পৰা পথাৰলৈ বুলি ওলাই গৈছিল আৰু পথাৰ মাজত থকা এটা দ পুখুৰীৰ পাৰেৰে গৈ থকাৰ অৱস্থাতেই পুখুৰীটোত পিছলি পৰে ব‍্যক্তি জন।

সেইখিনি সময়ত পথাৰত ৰুই থকা একাংশ মহিলাই ব্যক্তিজন পুখুৰীত পৰা প্ৰত‍্যক্ষ কৰে আৰু স্থানীয় লোকক খবৰ দিয়াত লগে লগে বিচাৰ খুচাৰ আৰম্ভ কৰে কৰে যদিও কোনো সন্ধান লাভ নকৰিলে।স্থানীয় ৰাইজে এই সন্দৰ্ভত গাভৰুপথাৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে আৰু এছ ডি আৰ এফ বাহিনীয়ে ব‍্যক্তি জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

গাভৰুপথাৰ আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহবিদ্যালয়লৈ প্ৰেৰণ কৰে।অকাল মৃত্যুক আঁকোৱালি লোৱা মৃত ব্যক্তিজনৰ নাম সুৰেণ গগৈ বুলি জানিব পৰা গৈছে আৰু তেখেত টিমনা উচ্চ মাধ‍্যমিক বিদ‍্যালয় প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ওৰেতো জীৱন বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা সুৰেণ গগৈৰ মৃত‍্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *