ডিবৰু সাহিত্য সংস্কৃতি জনমঞ্চৰ আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস
নৰেন দাসৰ ‘লাইভ টেলিকাষ্ট’ গ্ৰন্থ উন্মোচন
চাইন অন ডেস্ক:
আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চাহ নগৰী ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত নাৰী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। ঠিক সেইদৰে ডিব্ৰুগড় খলিহামাৰীস্থিত বৈষ্ণৱ সমাজ কৃষ্টি শাখা ভৱনত,ডিবৰু সাহিত্য- সংস্কৃতি জনমঞ্চৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱস আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অসম কবি সন্মিলনৰ সহ সম্পাদক আৰু জনমঞ্চৰ কাৰ্যকৰী সভাপতি জয়ন্ত বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত ডিবৰু সাহিত্য -সংস্কৃতি জনমঞ্চৰ বিষয়ববীয়া সদস্য সকল উপস্থিত থাকে । এই অনুষ্ঠানত সামাজিক ক্ষেত্ৰখনত ওতপ্ৰোত:ভাৱে জড়িত হৈ সমাজৰ ভিন্নক্ষেত্ৰত সেৱা আগবঢ়োৱা ৩ গৰাকীকৈ মহিলা ক্ৰমে জয়ন্তী সিং, পাৰুলতা দত্ত আৰু ৰূপালী ছেত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ বিশেষ আকৰ্ষণ আছিল নৰেন দাসৰ “লাইভ টেলিকাষ্ট” শীৰ্ষক গ্ৰন্থ উন্মোচন। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰবিত্ৰ দিনটোতে লেখক নৰেন দাসৰ ৬ষ্ঠ তম গ্ৰন্থ লাইভ্ টেলিকাষ্ট ( অণুগল্প-সংকলন) আজি উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচনৰ আৰম্ভণিতে লেখক তথা মঞ্চৰ সম্পাদক নৰেন দাসে নাৰীসকলৰ বিভিন্ন দিশ সামৰি লিখি উলিওৱা গ্ৰন্থখনৰ বিষয়ে চমু আভাস দিয়াৰ লগতে নাৰী দিৱসৰ তাৎপৰ্য বাখ্যা কৰে। অনুষ্ঠানত লেখক তথা মঞ্চৰ উপদেষ্টা দিলিপ লেখাৰু, উপ-সভাপতি গুৰুনাম সিং, সমাজ সেৱক পৱন গাড়োদিয়া, বাসৱী ভট্টচাৰ্য হাজৰিকা, ড০ উত্তৰা দুৱাৰা আদি বহুকেইগৰাকী গন্যমাণ্য ব্যক্তিৰ উপস্থিত থাকে। অনুষ্ঠানত কণিকা মজুমদাৰ বৰদলৈয়ে নাৰী ওপৰত এটি সুন্দৰ কবিতা পাঠ কৰে।