ডিব্ৰুগড় সাহিত্য সভাত সুধা কণ্ঠৰ জন্ম শতবাৰ্ষিকী
সংগীত জগতলৈ অনাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ অৱদান মোৰ বাবে চিৰ স্মৰণীয়:ৰাম চাচনী
চাইন অন ডেস্ক:
বিশ্ব বৰেণ্য শিল্পী সূধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডিব্ৰুগড় সাহিত্য সভাত মুখৰিত পৰিবেশ। জেষ্ঠ শিল্পী তথা অনাতাঁৰ শিল্পী অসম গৌৰৱ বঁটা প্ৰাপক ৰাম চাচনী আৰু অনাতাঁৰ শিল্পী সংগীত গুৰু ভূৱন গগৈয়ে গালে বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ ইটোৰ পাছত সিটো গীত। ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি শিল্পী ৰাম চাচনীয়ে ড° ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ সান্নিধ্য বিষয়ে উল্লেখ কৰি কেইবাটাও ৰূমাঞ্চকৰ ঘটনা আৰু সংগীতৰ ক্ষেত্ৰলৈ অৱদানৰ ক্ষেত্ৰত তেওঁৰ সহযোগীতাৰ বিষয়ে কয়। ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি যাদৱ গগৈয়ে

অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ তথা অসমীয়া সমাজ জীৱনক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত অসমীয়া জাতি থকা লৈকে হিয়াৰ আমঠু ভূপেন হাজৰিকাক পাহৰিব নোৱাৰে।ভূৱন গগৈয়ে সূধাকণ্ঠৰ কেইবাটাও গীত পৰিৱেশন কৰি অনুষ্ঠান মুখৰিত কৰি তোলে। আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে ডিব্ৰুগড়ৰ লগতে অসমৰ এগৰাকী চিৰ পৰিচিত সদ্য প্ৰয়াত অনাতাঁৰ শিল্পী বিপুল ফুকনৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানত যুৱ সমাজকৰ্মী পৰাগ দত্ত, যুৱ সাংবাদিক মুক্তামণি হাজৰিকা, হিৰণ্য বৰা, শিল্পী ৰাহুল গগৈ,ভূৱন জ্যোতি বৰুৱা, ডিব্ৰুগড় সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক দিনেশ দাস, জিতু দাস,যুৱ সাংবাদিক ডেভিদ বুঢ়াগোহাঁই,শান্তনু গগৈ,চানাৱাজ আহমেদ,বাসু দেৱনাথ,খগেন দত্তকে প্ৰমুখ্যে কৰি ডিব্ৰুগড় সাহিত্য সভাৰ বিষয়ববীয়া আৰু অন্যান্য শুভাকাংক্ষী সকল উপস্থিত থাকে।