...

ধুবুৰীৰ পাৰঘাটত বিশাল প্ৰস্তৰখণ্ডত ভৰিৰ এক বিশাল চিহ্ন !

Spread the love

ধুবুৰীৰ পাৰঘাটত বিশাল প্ৰস্তৰখণ্ডত ভৰিৰ এক বিশাল চিহ্ন !

 

ৰাইজৰ মাজত ব্যাপক কৌতুহল
ঐতিহাসিক চৰিত্ৰ নেতাই ধুবুনীৰ ভৰিৰ পতাৰ ছাপ বুলি জল্পনা-কল্পনা!

 

চাইন অন ডেস্ক:

ধুবুৰী চহৰৰ বৰলুইতৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰঘাটৰ সমীপৰ এক বিশাল প্ৰস্তৰ খণ্ডত ভৰিৰ বাওঁফালৰ পতাসদৃশ এক বিশাল চিহ্নক লৈ আৰম্ভ হৈছে এতিয়া জল্পনা-কল্পনাৰ। দৰাচলতে বৰলুইতৰ পানীত বুৰ গৈ থকা প্ৰস্তৰখণ্ডটোৰ তলৰ সেই অংশটো নৈখনৰ জলস্তৰ অস্বাভাবিক ভাবে হ্ৰাস পোৱা বাবে দৃশ্যমান হৈছে । উল্লেখ্য যে, বহু বছৰ পূৰ্বে নৈখনৰ জলস্তৰ অস্বাভাবিক ভাবে কমাৰ বাবে সেই প্ৰস্তৰখণ্ডটোৰ তলৰ অংশত থকা সেই বিশেষ চিহ্ন বা ছাপটো দৃশ্যমান হৈছিল। বছৰৰ পৰা বছৰ জুৰি বৰলুইতৰ কোবাল সোঁতৰ আঘাতৰ বাবেই ভৰিৰ পতা সদৃশ চিহ্নটো গঢ়ি উঠাৰ সম্ভাবনা নোহোৱা নহয় যদিও বিশেষ সেই চিহ্নটো ঐতিহাসিক চৰিত্ৰ নেতাই ধুবুনীৰ ভৰিৰ ছাপ বুলিয়েই কিন্তু চৰ্চিত হৈছে ধুবুৰীত। উল্লেখ্য যে, অসমীয়া লোকসংস্কৃতি আৰু বিশেষকৈ মনসা সৰস্বতী বা পদ্মপুৰাণৰ কাহিনী মতে নেতাই ধুবুনী এক গুৰুত্বপূৰ্ণ তথা অলৌকিক ক্ষমতা সম্পন্ন চৰিত্ৰ। লোকবিশ্বাস অনুসৰি, অধুনা ধুবুৰীৰ নেতাই ধুবুনী পাৰঘাটত বাস কৰা নেতাই ধুবুনী আছিল স্বৰ্গৰ দেৱ-দেৱীসকলৰ কাপোৰ ধোৱা এগৰাকী ঐশ্বৰিক শক্তি প্ৰাপ্ত মহিলা। ইয়াতে উল্লেখ্য যে বেহুলা-লক্ষীন্দৰৰ আখ্যানতো উল্লেখ আছে নেতাই ধুবুনীৰ। আখ্যান মতে, মা মনসাৰ অভিশাপত সাপে খুঁটাৰ বাবে মৃত্যুবৰণ কৰা স্বামী লক্ষীন্দৰক পুনৰ জীৱিত কৰিবলৈ ভেলত উঠি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গৈ থকাৰ সময়ত পত্নী সতী বেহুলাই নেতাই ধুবুনীক দেখা পাইছিল। লোককথা অনুসৰি, কামৰ সময়ত নিজৰ সৰু পুত্ৰই আমনি কৰিলে নেতাই ধুবুনীয়ে শিল এচটাত আচাৰি মাৰি থৈছিল আৰু কাম শেষ কৰি পুনৰ মন্ত্ৰবলেৰে জীয়াই তুলিছিল পুত্ৰক। এই দৃশ্য দেখিয়েই বেহুলাই নেতাই ধুবুনীক নিজ স্বামীক পুনৰ জীৱিত কৰি তুলিবলৈ খাটনি ধৰিছিল। নেতাই ধুবুনীৰ সহায় আৰু পৰামৰ্শ মতেই বেহুলাই স্বৰ্গলৈ গৈ দেৱতাসকলক সন্তুষ্ট কৰি স্বামীৰ প্ৰাণ ঘূৰাই আনিবলৈ সক্ষম হৈছিল। ইয়াতে, উল্লেখনীয় যে,  অসমৰ ধুবুৰী জিলাৰ নামটো নেতাই ধুবুনীৰ নামৰ পৰাই উৎপত্তি হোৱা বুলি বিশ্বাস কৰা হয় আৰু ধুবুনী’ শব্দটো কালক্ৰমত অপভ্ৰংশ হৈ ‘ধুবুৰী’ হোৱা বুলি কোৱা হয়। পিছে, বৰ্তমানে ধুবুৰীৰ নেতাই ধুবুনী পাৰঘাটৰ সমীপৰ প্ৰস্তৰ খণ্ডটোত দৃশ্যমান হোৱা ভৰিৰ চিহ্নই নেতাই ধুবুনীৰ বিদ্যমান থকাৰ সত্যতা প্ৰতিষ্ঠা কৰা বুলি বহুতেই কব বিচাৰিছে ধুবুৰীৰ। কিন্তু, গোটেই বিষয়টো লৈ বিজ্ঞানসন্মত, তথ্যভিত্তিক অনুসন্ধানৰ প্ৰয়োজন থকাৰ সমান্তৰালকৈ চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগেও নিজাববীয়াকৈ অধ্যয়ন কৰাৰ প্ৰাসংগিকতাৰ উদয় হোৱা বুলিয়েই কিন্তু মত প্ৰকাশ কৰিছে স্থানীয় ইতিহাসবিদ একাংশই।

Leave a Reply

Your email address will not be published. Required fields are marked *