...

নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

Spread the love

নিষিদ্ধ গো-মাংসৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

আটক এজন,অভিযান অব্যাহত

ধুবুৰী:

ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ফলিমাৰি বজাৰত কালি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সন্দেহজনক গো-মাংসসহ এজনক আটক কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত চলা সেই অভিযানটোত আৰক্ষীৰ দলটোৱে প্ৰায় ১১ কিলোগ্ৰাম সন্দেহজনক গো-মাংস সহ ছাহজাহান আলী নামৰ এজন ব্যক্তিক হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। কুন্তিৰচৰৰ বাসিন্দা আলীয়ে দীৰ্ঘদিন ধৰি ফলিমাৰি বজাৰৰ এখন দোকানৰ পৰা গো-মাংসৰ ব্যৱসায় চলাই থকাৰ এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলোৱা বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *