...

ধুবুৰীত বিপদসীমা অতিক্ৰম বৰলুইতৰ জলস্তৰঃভয়ংকৰ ৰূপ

Spread the love

 

ধুবুৰীত বিপদসীমা অতিক্ৰম বৰলুইতৰ জলস্তৰঃভয়ংকৰ ৰূপ

চাইন অন ডেস্কঃ

ধুবুৰীঃ

ধুবুৰীত বৰলুইতৰ জলস্তৰে আজি বিপদসীমা অতিক্ৰম কৰিছে।কালি নিশা ধুবুৰী জিলা দূৰ্যোগ প্ৰশমন বিভাগৰ জিলা প্ৰকল্প বিষয়া মফাৰজেল সৰকাৰৰ সৈতে হোৱা মোবাইল কথপোকথনত বিষয়া গৰাকীয়ে ধুবুৰীত বৰ্তমানে ব্ৰহ্মপুত্ৰ বিপদসীমাৰ ৪০ ছেণ্টিমিটাৰ ওপৰেৰে বৈ আছে বুলি সদৰি কৰে। উল্লেখ্য যে, ধুবুৰীত বৰলুইতৰ জলস্তৰ বিপদসীমা হ’ল ২৮.৬২ মিটাৰ। ইপিনে, জিলাখনৰ ব্ৰহ্মপুত্ৰৰ অন্যান্য উপনৈ গংগাধৰ, টিপকাই, চম্পাৱতী আৰু গৌৰাং নৈৰো জলস্তৰো ক্ৰমশঃ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে।অৱশ্যে কালি বিয়লিৰ পৰা ধুবুৰীত বৰলুইতকে ধৰি ইয়াৰ উপনৈসমূহৰ জলস্তৰ অত্যন্ত ধীৰ গতিত বৃদ্ধি হৈ থকা বুলিয়েই প্ৰকাশ পাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *