...

বিধানসভা নিৰ্বাচনৰ ৰণ দুন্দূভি!

Spread the love

 

বিধানসভা নিৰ্বাচনৰ ৰণ দুন্দূভি!

 

এআইইউডিএফৰ তিনি জনীয়া প্ৰথম প্ৰাৰ্থী তালিকা
তালিকা ঘোষণা বদৰুদ্দিন আজমলৰ

ধুবুৰী:

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজাই আজি এআইইউডিএফ দলে ঘোষণা কৰিলে প্ৰথমটো প্ৰাৰ্থী তালিকা।ধুবুৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এখন কৰ্মী সভাত এআইইউডিএফ চুপ্ৰিমো তথা প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে স্বয়ং ঘোষণা কৰে তিনিটাকৈ সমষ্টিৰ প্ৰাৰ্থীৰ নাম। সেই অনুসৰি, ২৬ৰ বিধানসভা নিৰ্বাচনত ধুবুৰী বিধানসভা সমষ্টিত এআইইউডিএফৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব সমষ্টিটোৰ বৰ্তমানৰ দলীয় বিধায়ক নজৰুল হ’ক আৰু জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিত বৰ্তমানৰ দলীয় বিধায়ক মিজানুর ৰ’হমানো। আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বিলুপ্তি ঘটা বিলাসীপাৰা পশ্চিম সমষ্টিৰ বৰ্তমানৰ দলীয় বিধায়ক হাফিজ বছিৰ আহমেদে গোৱালপাৰা পূৱ সমষ্টিত এআইইউডিএফৰ প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *