ৰাষ্ট্ৰীয় ঘাইপথত ছুইফট ডিজায়াৰ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
নিহত ৮ মহীয়া গৰ্ভৱতী মহিলা
আহত ৩ মহিলা
চাইন অন ডেস্ক:
ধুবুৰী জিলাৰ আগমনীৰ হালাকুৰাৰ সমীপৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আন তিনিগৰাকী লোক গুৰুতৰ ভাবে আহত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, ধুবুৰী পৰা পশ্চিমবংগৰ কোচবিহাৰ ৰেলষ্টেচনগামী এএছ০১বিডি/৪১৩১ নম্বৰৰ এখন ছুইফট ডিজায়াৰ বাহনৰ সৈতে বিপৰীত দিশৰ পৰা আহি থকা ডাব্লুবি৫৭ডি/৯৯৮৩ নম্বৰৰ ট্ৰাকৰ সৈতে হোৱা মুখোমুখি সংঘর্ষৰ ফলত সংঘটিত হয় সেই শোকাবহ
দূৰ্ঘটনাটো। দূৰ্ঘটনাটোত লিজা তিয়ৰ নামৰ ৮ মহীয়া গৰ্ভৱতী মহিলা গৰাকীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ডিজায়াৰ বাহন খনৰ চালক আৰু মহিলাসহ আন এগৰাকী যাত্ৰী গুৰুতৰ ভাবে আহত হয়। আহত শুভজিত সাহা, অঞ্জলি মাঝি আৰু দিলীপ বিনক ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাসপাতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে মৃত লিজা তিয়ৰ আহত শুভজিত সাহাৰ পত্নী আৰু দুয়োৰে ঘৰ ধুবুৰীৰ ৩নং ৱাৰ্ডত। আনহাতে, আহত দিলিপ বীন আৰু অঞ্জলি মাঝিৰ ঘৰ ধুবুৰীৰ ১৬ আৰু ১১ নং ৱাৰ্ডত। জানিব পৰা মতে, বিহাৰৰ পাটনাত থকা লিজা তিয়ৰৰ মোমায়েকৰ ঘৰলৈ পশ্চিমবংগৰ পৰা ৰেলযোগে যাবলৈ যাত্ৰা ছুইফট ডিজায়াৰ বাহন এখনেৰে যাত্ৰা কৰাৰ সময়ত আদবাটতে সংঘটিত হয় সেই ভয়ংকৰ অঘটনটো। ইপিনে, দূৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ট্ৰাকৰ চালকজন পলায়ন কৰা বুলি প্ৰকাশ।