ঢ’লা-শদিয়া দলঙৰ পৰা অৰুণাচল সীমান্তলৈ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন কৰিব অসম পি ডব্লিউ ডি বিভাগে
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ঢ’লা-শদিয়া দলং এপ্ৰ’চৰ শেষৰ পৰা অসম-অৰুণাচল প্ৰদেশ সীমান্ত আউটপোষ্টলৈ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন কৰিব
চাইন অন ডেক্সঃ

ঢ’লা-শদিয়া দলং এপ্ৰ’চ ৰোডৰ শেষৰ পৰা তিনিচুকীয়া জিলাৰ শান্তিপুৰত থকা অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ আউটপোষ্টলৈকে ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশটো বৰ্তমান দুই লেনযুক্ত।ইয়াক পথৰ দুয়োকাষে পেভাৰ ব্লক বান্ধৰে পকীকৰণৰ সৈতে দুইলেনযুক্ত পথলৈ উন্নীত কৰা হ’ব।
পথৰ দুয়োকাষে পেভাৰ ব্লক বান্ধৰে পকীকৰণৰ সৈতে দুটা লেনযুক্ত পথত পকী পথৰ পৃষ্ঠত যাতায়তৰ বাবে দুটা লেন থাকে, জৰুৰীকালীনভাৱে ৰখাব পৰা, পাৰ্শ্বীয় সমৰ্থন আৰু কোনো নিৰ্দিষ্ট পথ উপলব্ধ নহ’লে পথচাৰী/চাইকেল ব্যৱহাৰৰ বাবে লেনৰ দুয়োকাষে অতিৰিক্ত পকী ঠাই (Pave shoulder) থাকে।
MoRTH ৰ অনুমোদনৰ পিছত এতিয়া অসম PWD (NH division) য়ে এই পথটোৰ উন্নয়নৰ বাবে নিৰ্মাণ কামৰ বাবে নিবিদা আহ্বান জনাইছে। অসম পি ডব্লিউ ডিয়েও নিযুক্তিৰ তাৰিখৰ পৰা কাম সম্পূৰ্ণ কৰাৰ বাবে বাৰিষাকালকে ধৰি ২৯০ দিনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এই কামটো নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটো প্ৰকৃততে সম্পূৰ্ণ হোৱাৰ তাৰিখৰ পৰা ৩ বছৰৰ বাবে ৰক্ষণাবেক্ষণ কৰিব লাগিব।

