Skip to content “ধৰতি আৱা জনজাতীয় গাওঁ উৎকৰ্ষ”অভিযান”
ডিব্ৰুগড় জিলাৰ জনজাতীয় গাঁৱত উন্নয়ন আৰু বিকাশৰ কাৰ্যসূচী
চাইন অন ডেস্ক:
ধৰতি আৱা ভগৱান বিৰছা মুণ্ডাৰ স্মৃতিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা “ধৰতি আৱা জনজাতীয় গাওঁ উৎকৰ্ষ” অভিযানৰ লগত সংগতি ৰাখি আজি খোৱাং উন্নয়ন খণ্ডত বিভিন্ন চৰকাৰী বিভাগৰ যোগেদি জনজাতীয় লোকসকলৰ কল্যাণৰ হকে ৰূপায়িত আঁচনিসমূহৰ বিষয়ে ব্যাপক জনসজাগতা কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা চিকল চেল এনিমিয়া নিৰ্মূলৰ বাবে সজাগতা সৃষ্টিৰ তথা পৰীক্ষণ শিবিৰৰো আয়োজন কৰা হয়।

উল্লেখযোগ্য যে, “ধৰতি আৱা জনজাতীয় গাওঁ উৎকৰ্ষ” অভিযানৰ অধীনত ডিব্ৰুগড় জিলাৰ আটাইকেইটা উন্নয়ন খণ্ডৰ অন্তৰ্গত জনজাতীয় গাঁৱতে চৰকাৰী বিভাগসমূহৰ অংশগ্ৰহণৰে উন্নয়ন আৰু বিকাশৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। “ধৰতি আৱা জনজাতীয় গাওঁ উৎকৰ্ষ” অভিযানৰ অধীনত অহা ৩০ জুনলৈকে জনজাতীয় গাঁৱসমূহত উন্নয়ন আৰু বিকাশৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। এই অভিযানৰ জৰিয়তে আধাৰ কাৰ্ড, ৰেচন কার্ড, আয়ুষ্মান ভাৰত কাৰ্ড, জাতিগত প্রমাণপত্র, ডমিচাইল প্রমাণপত্র, কিষাণ ক্রেডিট কার্ড, পি এম কিষাণ আঁচনি, জনধন একাউন্ট, প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনা, প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা সাঙুৰি লোৱাৰ লগতে সামাজিক সুৰক্ষাৰ অন্তৰ্গত জেষ্ঠ নাগৰিক, বিধৱা আৰু দিব্যাংগ পেঞ্চনৰ সুবিধা, এম.জি.এনৰেগা, পি.এম বিশ্বকৰ্মা, মুদ্ৰা ঋণৰ দৰে নিয়োগ আৰু জীৱিকা আঁচনিসমূহৰ সেৱা আগবঢ়োৱা হ’ব।
ইয়াৰোপৰি মহিলা আৰু শিশু কল্যাণৰ দিশত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা, সংহত শিশু বিকাশ কেন্দ্ৰই আগবঢ়োৱা সেৱাৰ সুবিধা, টিকাকৰণ আদিৰ সুবিধাও সাঙুৰি লোৱা হৈছে।