...

ঢকুৱাখনা সমষ্টিত বঙহৰ যুঁজে শ’লঠেকত পেলাব কাক?

Spread the love

ঢকুৱাখনা সমষ্টিত বঙহৰ যুঁজে শ’লঠেকত পেলাব কাক?

নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কংগ্ৰেছৰ বিদ্রোহী নেতা ড° সুৰজিত দলেৰ

ঢকুৱাখনা:

সন্মুখত অসম বিধানসভা নিৰ্বাচন ২০২৬। প্ৰতিটো ৰাজনৈতিক দলে মাৰবান্ধি থিয় দিয়াৰ সময়তে কংগ্ৰেছৰ বঙহৰ যুঁজে সুৰান্ত ৰূপ লৈছে ঢকুৱাখনাত। কংগ্ৰেছ
দলৰ পৰা দলীয় টিকট নাপাই দলৰ মাজত বিদ্ৰোহ ঘোষণা কৰি ৭৭নং ঢকুৱাখনা
সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সোমবাৰে মনোনয়ন দাখিল কৰিলে ড° সুৰজিত দলেয়ে।উল্লেখ্য যে, অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ ড° সুৰজিত দলে
ঢকুৱাখনা সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছিল যদিও শেষত দলে অসম যুৱ কংগ্ৰেছৰ উপ-সভাপতি আনন্দ নৰহক প্ৰাৰ্থিত্ব প্ৰদান কৰে।ইয়াৰ পিছতেই
ঢকুৱাখনা সমষ্টিত গণভিত্তি নথকা এজন প্রার্থীক টিকট দিয়া বুলি অভিযোগ তুলি দলেই মুকলি বিদ্রোহ ঘোষণা কৰে ৭৭ নং ঢকুৱাখনা সমষ্টিৰ কংগ্ৰেছৰ প্রার্থী আনন্দ নৰহৰ বিৰুদ্ধে। কংগ্ৰেছ নেতৃত্বৰ ‘প্ৰতাৰণা’ৰ বিৰুদ্ধে সৰৱ হৈ পৰা ড° সুৰজিত দলেই সংবাদমেলযোগে দলীয় টিকট প্রদানৰ বিষয়টো প্রদেশ কংগ্ৰেছৰ হাইকামাণ্ডক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছিল যদিও নেতৃত্বই ড° দলেৰ আহ্বানৰ প্ৰতি কোনো সহাঁৰি নিদিয়াৰ অৱশেষত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি কালি ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বাবে ৰিটাৰ্ণিং বিষয়া প্ৰভাত পেগুৰ
ওচৰত মনোনয়ন দাখিল কৰে।ফলত সমষ্টিত বিশেষ প্ৰভাৱ থকা অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ
ড° সুৰজিত দলেৰ এই সিদ্ধান্তই কংগ্রেছী মহলক চিন্তিত কৰি তুলিছে। কংগ্ৰেছৰ সাংগঠনিক কামত বিগত তিনি বছৰত প্রায় ৩ কোটি টকা খৰছ কৰা বুলিও দাবী কৰা ড° সুৰজিৎ দলেৰ এই বিসম্বাদে এতিয়া ঢকুৱাখনা সমষ্টিত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰাৰ সম্ভাৱনা প্রকট কৰি তুলিছে।ইফালে
নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰি সংবাদমাধ্যমৰ আগত তেওঁ কয়, “দলীয় টিকট নোপোৱাৰ পাছতো ৰাইজৰ সমৰ্থনত মই আগবঢ়িছো ।” আত্মসম্মান আৰু স্বাভিমানৰ কথা উল্লেখ কৰি তেওঁ কয়, “ৰাইজৰ আশীৰ্বাদেই প্ৰাৰ্থীক জয়ী কৰে, দলীয় টিকটেই সকলো নহয় ।” ঢকুৱাখনাৰ কংগ্ৰেছ প্ৰাৰ্থী আনন্দ নৰহে কংগ্ৰেছৰ কেন্দ্রীয় পর্যবেক্ষকক ৪৩ পৃষ্ঠাৰ ভুৱা অভিযোগ দাখিল কৰি প্রার্থিত্ব লাভৰ পৰা বঞ্চিত কৰা অভিযোগ উত্থাপন কৰি
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে আনন্দ নৰহৰ কু-চক্রান্তৰ বাবেই তেওঁ এই চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত সমষ্টিত বিশেষ প্ৰভাৱ থকা
ড° সুৰজিৎ দলেৰ নিচিনা নেতাই নির্দলীয়ভাবে যুঁজ দিলে কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *