মাটিমাহৰ খেতি কৰি বিপদত ঢকুৱাখনাৰ কৃষক
পথাৰতে মৰহিছে কৃষকৰ সেউজীয়া সপোন
ঢকুৱাখনা:
লাভজনক মাটিমাহৰ খেতি কৰিও বিপদত পৰিছে কৃষিসর্বস্ব ঢকুৱাখনাৰ একাংশ কৃষক।ৰাজ্যৰ কৃষি অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা মাটিমাহৰ খেতি কৰি চকুৱে সৰিয়হ ফুল দেখিছে কৃষকে।পথাৰৰ খেতি দেখি স্তম্ভিত হৈ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে চহা কৃষকৰ।মূৰৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই কৰা মাটি 

এফালৰ পৰা হালধীয়া বৰণ ধৰি পথাৰতে শ শ বিঘা মাটিমাহৰ খেতি শুকাই যোৱাত ফচল চপোৱাৰ পৰিৱৰ্তে উপায়হীন কৃষকে খেতিপথাৰত এৰি দিছে গৰু।মাটিমাহৰ খেতি কৰি উপাৰ্জনৰ সপোন দেখা এইসকল কৃষকৰ পৰিয়ালৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। লাভজনক মাটিমাহৰ খেতিৰে সেইজীয়া সপোন দেখা দৰিদ্ৰ কৃষক ৰাইজে এতিয়া হাজাৰ হাজাৰ টকা লোকচানৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে।কিন্তু, কৃষকৰ এনে দুৰ্দশাৰ পিছতো নীৰৱ ৰাজ্যৰ বিয়াগগোম কৃষি বিভাগ।মূৰে কপালে হাত দিয়া দুৰ্ভগীয়া কৃষকে ইয়াৰ উচিত ক্ষতিপুৰণৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে কৃষি বিভাগলৈ।
