...

ব’হাগৰ বতৰা লৈ অহা প্ৰকৃতিয়ে সলাইছে ৰং

Spread the love

ব’হাগৰ বতৰা লৈ অহা প্ৰকৃতিয়ে সলাইছে ৰং

 

ঢকুৱাখনাত ফাটবিহু সমিতিৰ উদ্যোগত বিহু কৰ্মশালা
তিনি শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহন

ঢকুৱাখনা:

বসন্তৰ পৰশেৰে মনমোহা প্ৰকৃতিৰ বুকুত এতিয়া অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুক লৈ ৰাজ্যৰ চৌদিশে মধুৰ আলোড়ন । ৰাজ্যৰ চৌদিশে হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে চলিছে বিহুনাচ আৰু ঢোল-বাদনৰ কৰ্মশালা।বাদ পৰি ৰোৱা নাই ঢকুৱাখনাও।নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ঢকুৱাখনাৰ আকাশে-বতাহে গুঞ্জৰি উঠিছে ঢোল-পেঁপাৰ মাত।নিৰ্বাচনী প্ৰচাৰৰ মাজতে এতিয়া বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশুৰ লগতে গাভৰুসকল।ফাটবিহু সমিতিৰ উদ্যোগত ম’হঘুলি চাপৰিৰ ঐতিহাসিক ফাটবিহুৰ বাকৰিত অনুষ্ঠিত হৈ আছে ১২দিনীয়াকৈ বিনামূলীয়া বিহুনাচৰ লগতে ঢোল বাদন আৰু পেঁপা বাদনৰ কৰ্মশালা।
অসমীয়া সংস্কৃতিৰ সৈতে যাতে আমাৰ উঠি অহা প্ৰজন্ম ওতঃপ্ৰোতভাৱে জড়িত কৰোৱা আৰু বিহুনাচ-ঢোলৰ চেওঁ যাতে শুদ্ধকৈ প্ৰতিষ্ঠা হয় সেই উদ্দেশ্যেৰে আয়োজন কৰা বিহু নাচ,বিহু নাম,ঢোল বাদন আৰু পেঁপা বাদন কৰ্মশালাত অংশ লৈছে ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে। ২ এপ্ৰিলৰ পৰা কেইবাগৰাকী অভিজ্ঞ প্ৰশিক্ষকৰ তত্বাৱধানত কণমানিগৰাকীৰ পৰা আৰম্ভ কৰি গাভৰুলৈকে এতিয়া ফাটবিহু বাকৰিত ঢোল-পেঁপাৰ লহৰত কঁকাল ভাঙি শিকিছে নাচিবলৈ, শিকিছে বিহুনাম জুৰিবলৈ।আনফালে কণমানি ঢুলীয়াৰ সুতীব্ৰ চাপৰত কঁপি উঠিছে সমগ্ৰ বিহু বাকৰি।প্ৰশিক্ষাৰ্থী সকলৰ সুললিত বিহু নাম,বাঁহী,ঢোল আৰু পেঁপাৰ উত্তাল মাতত ৰজনজনাই উঠা ঐতিহাসিক ফাটবিহু বাকৰিৰ বিহু আখৰা চাবলৈও ভিৰ কৰিছেহি শ-শ বিহুপ্ৰেমী আৰু অভিভাৱকে।
কণ কণ শিশু কিশোৰ-কিশোৰীসকলক বিহু সংস্কৃতিৰ প্ৰতি আগ্ৰহ বৃদ্ধি আৰু বিহু নাচ,বিহু নাম আৰু বিহুৰ বাদ্যক সঠিক ৰুপত উপস্থাপনৰ বাবে নতুন চামক প্ৰশিক্ষণ প্ৰদানৰ বাবে যোৱা চাৰিটা বছৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ফাটবিহু সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *