ঢকুৱাখনাত সাংস্কৃতিক প্ৰেক্ষাগৃহ-মঞ্চৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি
বিধায়ক নৱ কুমাৰ দলেৰ শিলান্যাস
প্ৰকল্পৰ ব্যয় মুঠ ৭০ লাখ টকা
ঢকুৱাখনা:
ঢকুৱাখনা তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰত আজি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ আনটাইড পুঁজিৰ ৫০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া
‘সাংস্কৃতিক প্ৰেক্ষাগৃহ’ আৰু তাই আহোম উন্নয়ন পৰিষদৰ বিশেষ পুঁজিৰ ২০ টকাৰ ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ‘সাংস্কৃতিক প্ৰেক্ষাগৃহৰ মঞ্চ’ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক নৱ কুমাৰ দলেৱে।এই উদ্দেশ্য ঢকুৱাখনা নগৰস্থিত তাই সাংস্কৃতিক গৱেষণা আৰু 
বিকাশ কেন্দ্ৰৰ সভাপতি প্ৰদীপ চমুৱাই আঁতধৰা অনুস্থানত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে চমু ভাষণত কয় যে, পূৰ্বৰ দৰে বর্তমানে কেৱল আধাৰশিলা স্থাপনতে আঁচনি বা প্ৰকল্পৰ কাম সীমাবদ্ধ নাথাকে, বৰঞ্চ, বৰ্তমানে শিলান্যাসৰ লগে লগে আঁচনিৰ কামৰো প্ৰকৃতাৰ্থত শুভাৰম্ভ হৈ যায়। তেওঁ কয় যে, বর্তমানে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো প্রচেষ্টা আৰু পদক্ষেপৰ সুফল সমাজৰ প্ৰতিটো স্তৰতে সুস্পষ্টভাৱে পৰিলক্ষিত হৈ আছে।লগতে বিধায়ক গৰাকীয়ে প্রতিটো নির্মাণকার্য আঁচনি অনুসৰি নিৰ্ধাৰিত সময়ৰ ভিতৰত যাতে সম্পন্ন হয় তাৰ কামনা কৰি ৰাইজক নির্মাণ কার্য চলি থকা সময়ত কাম সমূহ ঠিকমতে হৈছে নে নাই তাকো চকু দিবলৈ আহ্বান জনায়।আজিৰ এই কাৰ্যসূচীত লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই,তাই আহোম উন্নয়ন পৰিষদৰ সদস্য অৰূপ (সঞ্জীৱ) গগৈ ,তাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি প্ৰদীপ চমুৱা, কাৰ্য্যকৰী সভাপতি হেমন্ত গগৈ,উপ-সভাপতি বনশ্যাম গগৈ,সম্পাদক হিতেশ ফুকনকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
