অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ
জকাইত খ্ৰীং খ্ৰীং বাইথ পুজা সম্পন্ন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত জকাই হাৰক পথৰ গাঁৱৰ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ মন্দিৰত,অসমৰ আদিম ভূমিপুত্ৰ সোনোৱাল কছাৰী লোকসকলৰ পৰম্পৰাগত পবিত্ৰ খ্ৰীং খ্ৰীং বাইথ’ পূজা যোৱা ১মাৰ্চৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আধ্যাত্মিক ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসন, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ আৰু ডিব্ৰুগড় জিলাৰ বৃহত্তৰ জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ’ পূজা সমিতিৰ সহযোগত আৰু বৰবিল গাওঁবাসীৰ আতিথ্যত ১, ২ আৰু ৩ মাৰ্চত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে জকাই আঞ্চলিক ৰাজহুৱা বাইথ’ মন্দিৰত খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ আজি দ্বিতীয় দিনা সোণোৱাল কছাৰী সকলৰ খ্ৰীং খ্ৰীং বাইথ পুজা ধৰ্মীয় পৰম্পৰাৰ আধাৰত পুৱাৰ পৰা বন্তি প্ৰজ্বলনকে ধৰি বিভিন্ন বিধি ব্যৱস্থাৰে অনুষ্ঠিত কৰা হৈছে ।এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভাৰ সাংসদ সৰ্বানন্দ সোনোৱালে অসমৰ আদিম ভূমিপুত্ৰ সোণোৱাল জনজাতি সকলৰ খ্ৰীং খ্ৰীং বাইথ পুজাৰ আধ্যাত্মিক মহত্ব , ধৰ্মীয় পৰম্পৰাই জনগোষ্ঠীটোৰ লোক সংস্কৃতিৰ প্ৰতিফলিত কৰিছে বুলি নিজৰ ভাষণত উল্লেখ কৰে আৰু বাইথ পুজাৰ আধ্যাত্মিক দৰ্শনে সমন্বয়ৰ বাৰ্তা বহন কৰিছে তথা বাইথ পুজাৰ লোক সংস্কৃতিৰ উত্তৰণে জাতিটোক অসমৰ সামগ্ৰিক সমাজ জীৱনত সমৃদ্ধিশালী কৰি তোলাত গৌৰৱ ধ্বজা বহন কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য , ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী মন্ত্ৰী বিমল বৰাই অসমৰ সোণোৱাল কছাৰী সকলৰ প্ৰাচীন পৰম্পৰা তথা ধৰ্মীয় অনুষ্ঠান খ্ৰীং খ্ৰীং বাইথ পুজাই লোক কৃষ্টি আৰু সংস্কৃতি জগতলৈ অনবদ্য বৰঙণি যোগাই সমাদৃত কৰিছে বুলি প্ৰকাশ কৰে।সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী
ৰণোজ পেগুৱে সোণোৱাল কছাৰী সকলৰ ধৰ্মীয় উপাসনাৰ অন্যতম আধ্যাত্মিক অনুষ্ঠান হিচাপে খ্ৰীং খ্ৰীং বাইথ পুজাই সাংস্কৃতিক ভাৱে মহীয়ান কৰি বুলি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত খোৱাং সমষ্টিৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে সোণোৱাল কছাৰী সকলৰ খ্ৰীং খ্ৰীং বাইথৰ আধ্যাত্মিক আৰু ধৰ্মীয় পৰম্পৰাৰ মহত্বই লোক সংস্কৃতি আৰু কৃষ্টিৰ ক্ষেত্ৰখনক উত্তৰণৰ দিশত উল্লেখযোগ্য অৱদান যোগাই আহিছে বুলি প্ৰকাশ কৰে আৰু জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ সমিতিয়ে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, ডিব্ৰুগড় জিলা প্ৰশাসন তথা সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদ আৰু জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ পুজা সমিতিৰ সহযোগত আয়োজিত খ্ৰীং খ্ৰীং বাইথ পুজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জকাই বৰবিল গাঁৱৰ ৰাইজৰ আতিথ্য আৰু জকাই আঞ্চলিক খ্ৰীং খ্ৰীং বাইথ পুজা সমিতিয়ে আগবঢ়োৱা সেৱাৰ পদক্ষেপক অভিনন্দন জ্ঞাপন কৰে । উক্ত সভাত অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত এই সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৃন্দ, ৰাইজ, নিমন্ত্ৰিত অতিথি, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে । এই খ্ৰীং খ্ৰীং বাইথ’ পূজাৰ আনুষ্ঠানিক সভাত অসম চৰকাৰৰ অসম চৰকাৰৰ সাংস্কৃতিক দপ্তৰৰ কেবিনেট মন্ত্ৰী বিমল বৰাই অনুষ্ঠানৰ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানটো অহা ৩মাৰ্চত সামৰণি পৰিব।